অসম

assam

By

Published : Jan 24, 2020, 8:15 PM IST

ETV Bharat / state

প্ৰসংগঃ অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশন

শুকুৰবাৰে অসম সাহিত্য সভা ভৱনত সম্বোধন কৰা এক সংবাদ মেলত অহা 31 জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ, কেতবোৰ দিশ সামৰি এক সংবাদমেল অনুষ্ঠিত হয় ৷

অসম সাহিত্য সভা
অসম সাহিত্য সভা

গুৱাহাটী, 24 জানুৱাৰীঃঅহা 31জানুৱাৰীৰ পৰা আৰম্ভ হ'ব অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশন ৷ অধিৱেশনৰ সকলো দিশ সামৰি শুকুৰবাৰে অসম সাহিত্য সভা ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰে ৷ সংবাদমেলত উপস্থিত থাকেপৰমানন্দ ৰাজবংশী,প্ৰধান সম্পাদক পদুম ৰাজখোৱাকে ধৰি কেইবাগৰাকীও বিষয়ববীয়া ৷

'অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী' বঁটাকে ধৰি প্ৰদান কৰা হ'ব কেইবাটাও উল্লেখযোগ্য বঁটা

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীয়ে পোন প্ৰথমে জাতি-ধৰ্ম নিৰ্বিশেষে বিশ্বৰ ভিন্ন প্ৰান্তত থকা অসমীয়া লোকসকলক অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনলৈ আমন্ত্ৰণ জনোৱাৰ লগতে এই অধিৱেশনক এক আন্তঃৰাষ্ট্ৰীয় সাৰ্বজনীন সাহিত্য উৎসৱ হিচাপে পালন কৰিবলৈ আঁচনি প্ৰস্তুত কৰা বুলি উল্লেখ কৰে ৷ কিন্তু অসমৰ সাম্প্ৰতিক পৰিস্থিতিক প্ৰতি লক্ষ্য ৰাখি এই কাৰ্যসূচী কিছু সীমিত কৰিছে যদিও ব্যতিক্ৰমধৰ্মী কাৰ্যসূচী প্ৰস্তুত কৰা বুলি জানিবলৈ দিয়ে ৷

তিক্ৰমধৰ্মী কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে এইবেলিৰ অধিৱেশনৰ বাবে

3 ফেব্ৰুৱাৰীত এঘন্টাৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আহিব অধিৱেশনলৈ ৷ তাৰ পিচতেই অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতিক লৈ যি অনুষ্ঠান হ'ব তাৰ শুভাৰম্ভণি কৰিব সাংস্কৃতিক শোভাযাত্ৰাৰে ৷ এই শোভাযাত্ৰাত উপস্থিত থাকিব অসমৰ সমগ্ৰ খিলঞ্জীয়া,জনজাতীয় সাহিত্য সভাৰ সভাপতিসকল ৷ তাৰ পৰৱৰ্তী সময়ত সাহিত্যৰ যি বিশেষ বঁটা,সেইসমূহ ঘোষণা কৰিব প্ৰধান সম্পাদকে ৷

অধিৱেশনৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব অসমৰ সমগ্ৰ খিলঞ্জীয়া, জনজাতীয় সাহিত্য সভাৰ সভাপতি সকলে

2018-20 বৰ্ষৰ'অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী' বঁটা যুটীয়াভাৱে আগবঢ়োৱা হৈছে অসমৰ যশস্বী কবি অনুভৱ তুলসী আৰু বিশিষ্ট গল্পকাৰ ডাঃ অপূৰ্ব কুমাৰ শইকীয়ালৈ৷ একেদৰে 'বাসন্তী বৰদলৈ' বঁটা আগবঢ়োৱা হ'ব মনীষা শৰ্মা আৰু নিবেদিতা বৰপূজাৰীলৈ,'সীতানাথ ব্ৰহ্মচৌধুৰী'বঁটা লেখক নগেন বৰা আৰু নগেন্দ্ৰ নাথ শৰ্মালৈ,'ভৰত চন্দ্ৰ বৰুৱা স্মাৰক' বঁটাপ্ৰদান কৰা হ'ব বিজয় শংকৰ শৰ্মা আৰু তপন দত্তলৈ, 'কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা' বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট কবি ডাঃ প্ৰয়াস শইকীয়া আৰু লেখক নিলোৎপল বৰুৱালৈ,'হেম বৰুৱা সোৱৰণী সাহিত্য' বঁটা ইন্দ্ৰজিৎ দত্তলৈ ৷ আনহাতে প্ৰথম বাৰৰ বাবে'পৰাগ কুমাৰ দাস' যুৱ সাংবাদিকতা বঁটা আগবঢ়োৱা হৈছে প্ৰতিদিন টাইমৰ সাংবাদিক বশিষ্ঠ দেৱ ফুকন, dy365 ৰ সাংবাদিক তপন কুমাৰ বৰা আৰু দৈনিক জনমভূমি কাকতৰ সাংবাদিক মনোৰঞ্জন বৈৰীলৈ ৷ লগতে 'লক্ষীনাথ ফুকন' বঁটা আগবঢ়োৱা হ'ব আমাৰ অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ ৷

লগতে পঢ়ক ঃমুখ্যমন্ত্ৰীৰ গৃহ চহৰত ফুটবল খেল খেলি কাৰ বিৰুদ্ধে প্ৰতিবাদত নামিব জুবিন গাৰ্গ

ABOUT THE AUTHOR

...view details