অসম

assam

ETV Bharat / state

খিলঞ্জীয়া জনগোষ্ঠীসমূহক সাংবিধানিক ৰক্ষাকৱচৰ অন্তৰ্ভুক্ত কৰিব লাগে! - সাধাৰণ সম্পাদক আজিজুৰ ৰহমান

কেন্দ্রীয় চৰকাৰে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ বাবে গঠন কৰি দিয়া উচ্চপৰ্যায়ৰ ১৪ জনীয়া সমিতিখনক অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ চিনাক্তকৰণ কৰি সাংবিধানিক ৰক্ষাকৱচৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ দাবী সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ।

Pressmeet by All Assam Gariya Mariya Deshi parishad
সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ  সংবাদমেল

By

Published : Jan 18, 2020, 6:01 PM IST

গুৱাহাটী, 18 জানুৱাৰীঃ তাৰিখ বা চনৰ ভিত্তিত নহয় অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ চিনাক্তকৰণ কৰি সাংবিধানিক ৰক্ষাকৱচৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ দাবী সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ। শনিবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমানে এই কথা উল্লেখ কৰে ৷ কেন্দ্রীয় চৰকাৰে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ বাবে গঠন কৰি দিয়া উচ্চপৰ্যায়ৰ ১৪ জনীয়া সমিতিখনক এই কথা দাবী কৰে সংগঠনটোৱে ৷ আনহাতে আজিজুৰ ৰহমানে ১৯৫১ চনৰ ভিত্তি বৰ্ষৰ আধাৰত খিলঞ্জীয়াৰ সংজ্ঞা ৰূপায়ণ কৰিলে বহু পূৰ্ব বংগীয় লোক খিলঞ্জীয়াৰ স্বীকৃতি লাভ কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে ৷

সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সংবাদমেল

ৰহমানে লগতে উল্লেখ কৰে যে ইয়াণ্ডাবু সন্ধিৰ পূৰ্বৰ অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলক চিনাক্ত কৰি তেওঁলোকক সাংবিধানিক ৰক্ষাকৱচৰ অন্তৰ্ভুক্ত কৰিব লাগে।ইয়াৰোপৰি সাধাৰণ সম্পাদকগৰাকীয়ে অসমৰ গৰিয়া-মৰিয়া-দেশী আৰু খিলঞ্জীয়া মুছলমান লোকসকলৰ চিনাক্তকৰণৰ বাবে চৰকাৰে অতি শীঘ্ৰে এক সুকীয়া জৰীপ আৰম্ভ কৰিব লাগে বুলিও মন্তব্য প্ৰদান কৰে।

আৰু পঢ়কঃটিংখাঙত নামঘৰ প্ৰাংগনৰ পৰা ভকত বৈষ্ণৱৰ "CAA" বিৰোধী প্ৰতিবাদ

ABOUT THE AUTHOR

...view details