অসম

assam

ETV Bharat / state

কৃষক সন্মান নিধি কেলেংকাৰী: ১০০ শতাংশ পুনৰ পৰীক্ষণৰ সিদ্ধান্ত !

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি কেলংকাৰী প্ৰসংগত, জনতা ভৱনত এখন দীঘলীয়া সংবাদমেলত ভাগ লয় কৃষি মন্ত্ৰী অতুল বৰাই ।

pressmeet by agriculture minister atul bora
pressmeet by agriculture minister atul bora

By

Published : May 14, 2020, 8:55 PM IST

গুৱাহাটী, ১৪ মে': লক্ ডাউনৰ মাজতে সমগ্ৰ ৰাজ্য তোলপাৰ লগোৱা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি কেলংকাৰী প্ৰসংগত, বৃহস্পতিবাৰে মুখ খুলিলে কৃষি মন্ত্ৰী অতুল বৰাই । আজি জনতা ভৱনত এখন দীঘলীয়া সংবাদমেলত ভাগ লৈ বিভাগীয় মন্ত্ৰীগৰাকীয়ে কয় যে, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কৃষি বিভাগে সকলো হিতাধিকাৰীৰ 100 শতাংশৰে পুনৰ পৰীক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । যদিওবা ভাৰত চৰকাৰে 5 শতাংশহে পুনৰ পৰীক্ষণৰ কথা কৈছিল কিন্তু, অসম চৰকাৰে 100 শতাংশই পুনৰ পৰীক্ষণ কৰিব ।

এই কেলেংকাৰীত জড়িত থকাসকলক ৰেহাই দিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে

ইতিমধ্যে ভুৱা হিতাধিকাৰীৰ পৰা ১১ লাখ টকা ঘূৰাই অনা হৈছে বুলিও তেওঁ কয় । বিসংগতি সমূহ দূৰ কৰাৰ বাবেই এই ব্যৱস্থা হাতত লোৱা হৈছে । তেওঁ কয় যে ৰাজ্যৰ ৩৯ লাখ কৃষকক হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল । ২০১৯ চনৰ আগষ্ট মাহত যেতিয়া ধুবুৰী আৰু বৰপেটাৰ পৰা কেতবোৰ অনিয়মৰ খবৰ আহিছিল তেতিয়াই ৰাজ্যৰ কৃষি বিভাগৰ দুজন বিষয়াক দিল্লীলৈ পঠিওৱা হৈছিল । কিয়নো সমগ্ৰ প্ৰক্ৰিয়াটো দিল্লীৰ পৰা কেন্দ্ৰীয় চৰকাৰে তদাৰক কৰিছিল । তেতিয়াই ৭ লাখ ৩২ হাজাৰ ভুৱা হিতাধিকাৰী ধৰা পৰিছিল । বেছিভাগ বিসংগতিয়েই সংঘটিত হৈছিল তালিকা প্ৰস্তুত কৰাৰ সময়তে । সেই সময়তে কেইবাজনো বিষয়াক নিলম্বনো কৰা হৈছিল ।

কৃষক সন্মান নিধি কেলেংকাৰী: ১০০ শতাংশ পুণৰ পৰীক্ষণৰ সিদ্ধান্ত

এই কেলেংকাৰীত জড়িত থকাসকলক ৰেহাই দিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে । ইতিমধ্যে ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্তৰ ব্যৱস্থা কৰা হৈছে । ইয়াত কোনো ৰাজনীতিৰ কথা নাই । প্ৰকৃত কৃষক কোনো কাৰণতে বঞ্চিত নহয় । সংবাদমেলত মন্ত্ৰী বৰাই এই আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা গাইড লাইনখনৰ বিষয়েও মন্তব্য কৰি কয় যে, সেই গাইড লাইন মৰ্মে একেটা পৰিয়ালৰ একাধিক ব্যক্তিয়েও এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে যদিহে তেওঁলোকৰ প্ৰত্যেকৰে নামত কৃষিভূমি থাকে । পঞ্চায়ত প্ৰতিনিধিয়েও আঁচনিখনৰ সুবিধা পোৱাত বাধা নাই যদি তেওঁৰ নামত কৃষিভূমি থাকে । একেদৰে চতুৰ্থ বৰ্গৰ আৰু গ্ৰুপ "ডি" ৰ চাকৰিয়ালেও এই আঁচনিৰ সুবিধা পাব পাৰে যদি তেওঁৰ নামত কৃষিভূমি থাকে ৷

বুধবাৰৰ দিনটোলৈকে ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰত ১৪,৯১৯ টা গাহৰিৰ মৃত্যু হৈছে

সংবাদমেলত তেওঁ আৰু কয় যে, লক্ ডাউনৰ সময়ছোৱাত অসমৰ কৃষকে ৪৭৫ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে । প্ৰথমবাৰৰ বাবে 5 হাজাৰ কৃষকক ভেণ্ডৰ হিচাপে লক্ ডাউনৰ সময়ত দায়িত্ব দিয়া হৈছে । এইবাৰ পূৰ্বতকৈ দুগুণতকৈও বেছিকৈ শাক-পাচলি আৰু ফলমূল অসমৰ কৃষকে উৎপাদন কৰিছে । ৩২৪ কোটি টকাৰ শাক পাচলি অসমৰ কৃষকে এইবাৰ বিভিন্ন ৰাজ্যত বিক্ৰী কৰিবলৈ সক্ষম হৈছে । ডুবাই আৰু মধ্য প্ৰাচ্যৰ দেশলৈও অসমৰ শাক-পাচলি পঠিওৱাৰ চেষ্টা চলাই থকা হৈছে বুলি তেওঁ কয় । আনহাতে, পশুপালন বিভাগৰো দায়িত্বত থকা মন্ত্ৰী বৰাই একেখন সংবাদমেলত কয় যে বুধবাৰৰ দিনটোলৈকে ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰত ১৪,৯১৯ টা গাহৰিৰ মৃত্যু হৈছে । এতিয়া ৰাজ্যৰ নতুন নতুন জিলালৈ এই ৰোগ বিয়পিছে । গোলাঘাট, মাজুলী, কামৰূপ (ম) আদি জিলালৈকো এই ৰোগ বিয়পি পৰিছে । ইতিমধ্যে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে । ৰাজ্যত প্ৰায় ১৫ হাজাৰ বনৰীয়া গাহৰি আছে । এই গাহৰি সমূহে যাতে ঘৰচীয়া গাহৰিৰ লগত মিলামিছা কৰিব নোৱাৰে তাৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও তেওঁ কয় ।

লগতে পঢ়কঃভাইৰাছটো পৰীক্ষাগাৰৰ পৰা আহিছে, ই প্ৰাকৃতিক নহয়ঃ নিতিন গাডকাৰী

ABOUT THE AUTHOR

...view details