অসম

assam

5 ডিচেম্বৰত কেবৰ বিৰোধিতাৰে লাষ্টগেট কপাব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে

By

Published : Dec 4, 2019, 6:50 PM IST

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা সম্পৰ্কত বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলখনত আছুৰ সৈতে একত্রিত হৈ কেব বিৰোধী আন্দোলন অব্যাহত ৰখাৰ ইংগিত প্ৰদান কৰে অখিল গগৈয়ে ৷ আনহাতে কেবৰ বিৰোধিতাৰে 5 ডিচেম্বৰত দিছপুৰ লাষ্টগেটত বৃহৎ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

কেবৰ বিৰোধীতাৰে 5 ডিচেম্বৰত দিছপুৰ লাষ্টগেটত বৃহৎ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা সম্পৰ্কত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল

গুৱাহাটী, 4 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা সম্পৰ্কত বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে এক সংবাদমেলৰ সম্বোধন কৰে ৷ সংবাদমেলখনত আছুৰ সৈতে একত্রিত হৈ কেব বিৰোধী আন্দোলন অব্যাহত ৰখাৰ ইংগিত প্ৰদান কৰে অখিল গগৈয়ে । গগৈয়ে বিধেয়কখনৰ প্ৰসংগত কয় যে, কেন্দ্ৰীয় চৰকাৰে অসম আন্দোলনৰ শ্বহীদৰ মৃত্যুবাৰ্ষিকীৰ দিনা কেব অনুমোদন কৰি জাতিধ্বংসৰ কফিনত শেষ গঁজাল মাৰিব বিচাৰিছে ৷ তদুপৰি অমিত শ্বাহৰ সৈতে হোৱা আলোচনাৰ অন্তত আছুৱে কেব সন্দৰ্ভত যি ভূমিকা গ্ৰহণ কৰিলে তাক আদৰণি জনালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টাগৰাকীয়ে ৷ ইপিনে আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কেব প্ৰসংগত যি একত্ৰিত আন্দোলনৰ কথা উল্লেখ কৰিছে তাক সমৰ্থন কৰে গগৈয়ে ৷ কেব কেৱল অসমৰ বাবেই নহয় ভাৰতৰ বাবেও ভয়ংকৰ বুলি উল্লেখ কৰে নেতাগৰাকীয়ে ৷ কেব গৃহীত হ'লে অসমত মৌলবাদীৰ উত্থান হ’ব বুলি অখিল গগৈয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা সম্পৰ্কত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল

গগৈয়ে এই সংকটৰ সময়ছোৱাত বিৰোধী ৰাজনৈতিক দলসমূহক একত্ৰিত হ’বলৈ আহ্বান জনায় ৷ বিশেষকৈ আম আদমী পাৰ্টি, জাতীয় জনতা দল, জনতা দল(সংযুক্ত) আৰু তৃণমুল কংগ্ৰেছক কেবৰ বিৰুদ্ধে একত্ৰিত হ'বলৈ অনুৰোধ জনায় গগৈয়ে ৷ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছক সকলো ৰাজনৈতিক দলক একত্ৰিত কৰাৰ বাবে আহ্বান জনায় । কেব গৃহীত হ’লে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ কথা মুকলিকৈ প্ৰকাশ কৰে কৃষক মুক্তিৰ উপদেষ্টাগৰাকীয়ে ৷ আনহাতে, কেবৰ বিৰোধিতাৰে 5 ডিচেম্বৰত দিছপুৰ লাষ্টগেটত বৃহৎ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ এই আন্দোলনত সকলো দল-সংগঠনকে আদি কৰি বুদ্ধিজীৱীৰ লগতে অসমৰ জনগণক যোগ দিবলৈ আহ্বান জনায় অখিল গগৈয়ে ৷ এই প্ৰতিবাদ সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক হ’ব বুলি গগৈয়ে কয় ৷ ইপিনে 11 ডিচেম্বৰৰ পৰা অসমৰ গাঁৱে-ভূঁঞে কেব বিৰোধী আন্দোলন চলাব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ 'বিজেপি হটাও-অসম বছাও', 'বিজেপি হটাও-ভাৰত বছাও' শ্লোগানেৰে আন্দোলন কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

লগতে চাওক:নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

ABOUT THE AUTHOR

...view details