নগাঁও,১৬ মে' : কাছাৰ আৰু নগাঁও কাগজকল কেতিয়া পুনৰুজ্জীৱিত কৰা হ'ব,এই বিষয়টোকলৈ চিন্তিত কাগজ কল দুটাৰ কৰ্মচাৰীৰসকল । বৃহস্পতিবাৰে এই সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় এক নাগৰিক সভা ।
কেতিয়া পুনৰুজ্জীৱিত হ'ব কাছাৰ আৰু নগাঁৱৰ কাগজকল !
এতিয়াও প্ৰশ্নবোধক হৈ ৰৈছে সমগ্ৰ বিষয়টো । বিষয়টোকলৈ কাগজ কল দুটাৰ কৰ্মচাৰীৰ সকলে পাৰ কৰিব লগা হৈছে বিনিদ্ৰ ৰজনী । বৃহস্পতিবাৰে এই সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় এক নাগৰিক সভা ।
কেতিয়া পুনৰুজ্জীৱিত হ'ব কাছাৰ আৰু নগাঁৱৰ কাগজকল !
এই নাগৰিক সভাতে কাগজ কল দুটাৰ কৰ্মচাৰীক লৈ ভৱিষ্যত কাৰ্য পন্থাৰ বাবে কেইবালানিও প্ৰস্তাৱ গ্ৰহণ কৰে । সেই অনুসৰি দুয়োটা কাগজ কলৰ কৰ্মচাৰী সহ নাগৰিক সভাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব । লগতে কল দুটাৰ বিভিন্ন শিক্ষা অনুষ্ঠানত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰী সকলৰ আৰ্থিক সাহাৰ্যাথে এটা ফাণ্ড খোলাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয় । লগতে সভাত উপস্থিত থাকে অনুপ চেতিয়া, প্ৰশান্ত ৰাজগুৰু, অদিপ ফুকনকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি ।