অসম

assam

ETV Bharat / state

কাৰাগাৰৰ পৰাই শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ কাম আৰম্ভ কৰিছে অখিল গগৈয়ে

তিনিখন বিশেষ সমিতিয়ে পৰিচালনা কৰিব শিৱসাগৰ সমষ্টিৰ উন্নয়ন । বিধায়কৰ ক্ষমতাৰ পূৰ্ণ বিকেন্দ্ৰীকৰণ কৰি সমষ্টিবাসীৰ হাতলৈ ক্ষমতাৰ হস্তান্তৰকৰণ । ৰাইজৰ দলৰ ভৱিষ্যতৰ সকলো নিৰ্বাচিত জনপ্ৰতিনিধিয়ে বিকেন্দ্ৰীকৰণৰ জৰিয়তে কৰিব লাগিব ক্ষমতাৰ হস্তান্তৰকৰণ । সংবাদমেলত ঘোষণা ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক' ডি শইকীয়াৰ ।

raijor dal
শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ কাম আৰম্ভ কৰিছে অখিল গগৈয়ে

By

Published : Jun 1, 2021, 9:18 PM IST

গুৱাহাটী, ১ জুন : কাৰাগাৰৰ পৰাই শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ কৰ্মযজ্ঞ আৰম্ভ কৰিছে অখিল গগৈয়ে । শিৱসাগৰ সমষ্টিৰ কাৰাৰুদ্ধ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উদ্যোগত সমষ্টিবাসীক লগত লৈ সম্পূৰ্ণ গণতান্ত্ৰিক ব্যৱস্থাৰে সমষ্টিৰ উন্নয়নৰ পদক্ষেপ হাতত লোৱা হৈছে । সমষ্টিৰ উন্নয়নৰ বাবে বিধায়কৰ হাতত থকা ক্ষমতা এক গণতান্ত্ৰিক আৰু বিজ্ঞানসন্মত আৰ্হিৰে সমষ্টিবাসীৰ হাতত অৰ্পণ কৰা হৈছে ।

অখিল গগৈ কাৰামুক্ত হোৱাৰ পাছতো কাৰ্যনিৰ্বাহ কৰি থাকিব এই তিনিখন সমিতিয়ে । মঙলবাৰে ৰাইজৰ দলৰ গুৱাহাটীস্থিত কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত দলটোৰ কাৰ্যকৰী সভাপতি ভাস্ক' ডি শইকীয়াই এই কথা সদৰি কৰে । তেওঁ লগতে কয় যে, ৰাইজৰ দলৰ ভৱিষ্যতৰ সকলো নিৰ্বাচিত জন প্ৰতিনিধিয়ে বিকেন্দ্ৰীকৰণৰ জৰিয়তে কৰিব লাগিব ক্ষমতাৰ হস্তান্তৰকৰণ ৷

শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ বাবে বিধায়ক অখিল গগৈয়ে তিনিখন বিশেষ সমিতি গঠন কৰিছে ৷ এই সমিতি তিনিখন হ’ল ক্ৰমে সমষ্টি পৰিচালনা সমিতি, সমস্যা চিনাক্তকৰণ সমিতি আৰু পৰ্যটন উন্নয়ন উপদেষ্টা সমিতি ৷ এক কথাত ক’বলৈ গ’লে বিধায়কৰ হাতত থকা সমষ্টিৰ উন্নয়নৰ সকলো ক্ষমতাৰ ৱাৰ্ড পৰ্যন্ত পূৰ্ণ বিকেন্দ্ৰীকৰণ কৰা হৈছে । তিনিওখন সমিতিৰ নিৰ্দিষ্ট পৰিচালনা নীতি নিৰ্ধাৰণ কৰা হৈছে ।

সেই অনুসৰি সমষ্টি পৰিচালনা সমিতিয়ে বিধায়কগৰাকীক সমষ্টি উন্নয়নৰ সকলো দিশত সহায়-সহযোগ, দিশ নিৰ্ণয় আৰু পৰামৰ্শ প্ৰদান কৰিব ৷ মঙলবাৰৰ পৰা কাৰ্যকৰী হোৱা এই সমিতিৰ কাৰ্যকাল এবছৰীয়া হ’ব । এই সমিতিয়ে সমষ্টিবাসীৰ সকলো সমস্যাৰ বুজ ল’ব আৰু সমাধানৰ পদক্ষেপ গ্ৰহণ কৰিব । এই সমিতিৰ কোনো সদস্যৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ থাকিলে আৰু অভিযোগৰ প্ৰমাণ পালে তেখেতক দায়িত্বৰ পৰা অব্যাহতি দিয়া হ’ব ।

সমষ্টি পৰিচালনা সমিতিখনে বিধায়কগৰাকীৰ প্ৰতিদিনৰ কাম-কাজ তদাৰক কৰিব । সমিতিৰ সকলো সদস্যৰ লগত আলোচনাৰ মাধ্যমেৰে বিধায়কে শেষ সিদ্ধান্ত গ্ৰহণ কৰিব । মঙলবাৰে আয়োজিত সংবাদমেলত ৰাইজৰ দলৰ কেইবাজনো নেতা উপস্থিত থাকে ।

লগতে পঢ়ক:ডিমা হাছাও জিলা প্ৰশাসনক 'মুপা'ৰ অক্সিজেন কনচেনট্ৰেটৰ যোগান

ABOUT THE AUTHOR

...view details