গুৱাহাটী, ৭ ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰি বাজেটক তীব্ৰ সমালোচনা ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ । সংবাদমেলত যোৱা বৰ্ষৰ বিত্তীয় বাজেটৰ দিয়া প্ৰতিশ্ৰুতিৰ ২৫ শতাংশও কাম কাৰ্যকৰী নহ'ল বুলি অভিযোগ তোলে সংগঠনটোৱে ।
' ২০১৯-২০ বৰ্ষৰ বিত্তীয় বাজেট প্ৰতিশ্ৰুতিৰ ফুলজাৰি মৰা বাজেট' - ভাৰত ছাত্ৰ ফেডাৰেচন - গুৱাহাটী প্ৰেছ ক্লাব
বুধবাৰে ২০১৯ -২০ বৰ্ষৰ ঘোষণা কৰা বাজেটক সমালোচনা ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ
আনহাতে যোৱা বৰ্ষৰ বহু প্ৰতিশ্ৰুতি পূৰণ কৰাত চৰকাৰ চূড়ান্ত ব্যৰ্থ বুলি উল্লেখ কৰি এইখন বাজেট সংখ্য়া লঘু বিৰোধী বাজেট বুলিও মন্তব্য় কৰে সংগঠনটোৰ নেতৃবৃন্দই । যোৱা বৰ্ষত বাজেটত সংখ্যালঘু ছাত্ৰী সকলৰ বাবে জলপানিৰ ব্যৱস্থা ,সংখ্যা লঘু অঞ্চলত নতুন কলেজ নিৰ্মাণ আদি ঘোষণা কৰিছিল যদিও আজিলৈ ৰূপায়িত নকৰিলে বুলি অভিযোগ তোলে । লগতে চৰকাৰ খনে ইচ্ছাকৃত ভাৱে ছেবা ধ্বংস কৰিব বিচাৰিছে বুলিও গুৰুতৰ অভিযোগ তুলি ছেবাৰ উন্নতি কৰণৰ বাবে গঠন কৰা কমিটিয়ে যি সমূহ পৰামৰ্শ দিছিল সেই সমূহো আজি পৰ্যন্ত কাৰ্যকৰী নকিৰলে প্ৰকাশ কৰে ।