গুৱাহাটী,30 ডিচেম্বৰ: ৰাজ্য চৰকাৰে বিগত বছৰ কেইটাত দাখিল কৰা বাজেটসমূহৰ প্ৰতিখনেই আছিল মিথ্যাচাৰৰ দলিল ৷ আজি পুনৰবাৰ এই অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই । প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত বুধবাৰে এখন সংবাদমেলত ভাগ লৈ বৰাই কয় যে, 2019-20 বৰ্ষৰ বাজেটত চৰকাৰে অৰুন্ধতী আঁচনি ঘোষণা কৰিছিল । এই আঁচনিৰ বাবে 1,121 টা নৱ-দম্পতীয়ে বিবাহ পঞ্জীয়ন কৰাৰ পিছতো চৰকাৰে মাত্ৰ 587 টা দম্পতীকহে বিবেচিত কৰিলে । হোষ্টেলত বাস কৰি থকা প্ৰতিজন আৱাসীক মাহে 700 টকাকৈ বছৰি 10 মাহৰ মাচুল ৰেহাই দিয়াৰ কথা চৰকাৰে বাজেটত ঘোষণা কৰিছিল । কিন্তু দুই-এগৰাকী শিক্ষাৰ্থীৰ বাহিৰে কোনেও এই ধন লাভ নকৰিলে ।
একেদৰে ভ্ৰাম্যমান থিয়েটাৰত কমেও 5 বছৰ কটোৱা শিল্পী, কলা-কুশলীলৈ 50 হাজাৰ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰা হৈছিল এই বাজেটত । এই ধনো সম্পূৰ্ণৰূপে আজিকোপতি চৰকাৰে মুকলি কৰি নিদিলে । প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয় যে, অসমৰ খিলঞ্জীয়া মুছলমানসকলৰ সামাজিক-অৰ্থনৈতিক অৱস্থাৰ মূল্যায়নৰ বাবে জৰীপ চলোৱা হ’ব বুলিও বাজেটত চৰকাৰে ঘোষণা কৰিছিল । সেই ঘোষণা অসাৰ প্ৰতিপন্ন হ'ল । গুৱাহাটীৰ কাষতে এটা ধান গৱেষণা কেন্দ্ৰ স্থাপনৰো ঘোষণা কৰা হৈছিল ৷ কিন্তু সেয়াও কেৱল ঘোষণা হৈয়েই থাকিল ।