গুৱাহাটী, 28 এপ্ৰিল :বিজেপি চৰকাৰৰ আক্ৰোশমূলক ৰাজনীতিৰ বাবেই অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গুজৰাটৰ কংগ্ৰেছী বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক (Jignesh Mevani in police custody) । এই অভিযোগ ৰাইজৰ দলৰ উপ-সভাপতি ৰাছেল হুছেইনৰ । বুধবাৰে মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদমেলযোগে ৰাইজৰ দলৰ নেতা গৰাকীয়ে সদৰি কৰে এই কথা ৷
লগতে তেওঁ কয় যে, গুজৰাটৰ বিধায়কগৰাকীক অসম আৰক্ষীয়ে অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰি তেওঁৰ ব্যক্তি স্বাধীনতা খৰ্ব কৰা হৈছে । বিজেপি চৰকাৰে প্ৰতিশোধৰ ৰাজনীতিৰে বিৰোধীক নিঃশেষ কৰাৰ যি ষড়যন্ত্ৰ কৰিছে, তাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৰাইজৰ দলৰ নেতা গৰাকীয়ে ৷ লগতে ৰাইজৰ দলৰ নেতা গৰাকীয়ে এই সংবাদমেলৰ যোগেদি অনতিপলমে বিধায়কগৰাকীক মুক্তি কৰি দিয়াৰ বাবে চৰকাৰলৈ দাবী জনায় ।
প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীক ভাল লগোৱাৰ বাবে গৃহ বিভাগক ব্যৱহাৰ কৰা বুলি অভিযোগ তুলি চৰকাৰৰ এনে কাৰ্যৰ জৰিয়তে অসমবাসীক লজ্জানত কৰিছে বুলিও তেওঁ মন্তব্য কৰে । ইফালে ৰাইজৰ দলৰ সদ্য পদত্যাগী নেতা কমল মেধিয়ে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে অনা অভিযোগৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাইজৰ দলৰ নেতা গৰাকীয়ে ৷