অসম

assam

ETV Bharat / state

Raijor Dal Press Meet: ডিপিআৰ প্ৰস্তুত নকৰাকৈ আৰম্ভ হৈছিল জু-ৰোডৰ উৰণীয়া সেতু নিৰ্মাণ, চিবিআই তদন্তৰ দাবী ৰাইজৰ দলৰ - Raijor Dal

ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাতে গুৱাহাটীৰ তিনিখন ফ্লাইঅভাৰ নিৰ্মাণৰ ক্ষেত্ৰত বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিয়োগ ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াৰ ৷ গুৱাহাটীৰ উৰণীয়া সেতু নিৰ্মাণত বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলি ৰাইজৰ দলে এই ঘটনাৰ CBI ৰ তদন্তৰ দাবী তোলে ৷

Press Meet of Raijor Dal in Guwahati
জাইকাৰ তদন্ত সমিতিৰ প্ৰতিবেদন সোনকালেই ৰাজহুৱা কৰাৰ দাবী ৰাইজৰ দলৰ

By

Published : Jun 14, 2023, 5:52 PM IST

ৰাইজৰ দলৰ সংবাদমেল

গুৱাহাটী, 14 জুন: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাতে গুৱাহাটীৰ তিনিখন ফ্লাইঅভাৰ নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী ৷ এই অভিযোগ ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াৰ ৷ গুৱাহাটীৰ তিনিখন উৰণীয়া সেতু নিৰ্মাণৰ ক্ষেত্ৰত চৰম অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি আজি এক সংবাদমেল যোগে ৰাইজৰ দলৰ নেতাগৰাকীয়ে কয় যে, মালিগাঁৱৰ নিৰ্মীয়মান উৰণীয়া সেতুত সংঘটিত হোৱা ঘটনাই মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰৰ নিম্নমানৰ কামৰ নমুনা দাঙি ধৰিছে ৷

তেওঁ লগতে কয় যে, ডিপিআৰ প্ৰস্তুত নকৰাকৈ আৰম্ভ কৰা হৈছিল জু-ৰোডৰ উৰণীয়া সেতুৰ কাম ৷ 1 ফেব্ৰুৱাৰী 2022 চনত জু-ৰোডৰ উৰণীয়া সেতু নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ৷ কিন্তু আশ্চৰ্যজনকভবে 1 ফেব্ৰুৱাৰীত কাম আৰম্ভ হোৱা উৰণীয়া সেতুৰ নিবিদা প্ৰকাশ পাইছিল প্ৰায় তিনিমাহ পিছত ৷ কিন্ত ডিপিআৰ প্ৰস্তুত নকৰাকৈ কেনেকৈ কাম আৰম্ভ হ’ল বুলি সংবাদমেলত প্ৰশ্ন উত্থাপন কৰে ৰাইজৰ দলে ৷ এইক্ষেত্ৰত গুৱাহাটীৰ উৰণীয়া সেতু নিৰ্মাণত বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলি ৰাইজৰ দলে এই ঘটনাৰ CBI ৰ তদন্তৰ দাবী তোলে ৷

ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই লগতে কয়, মালিগাঁৱৰ উৰণীয়া সেতুৰ ঠিকা লাভ কৰিছিল অনুপম নিৰ্মাণ প্ৰাঃ লিঃ আৰু গৌতম কনষ্ট্ৰাকশ্যন প্ৰাঃ লিঃ এ ৷ অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেডৰ ঠিকাদাৰ অনুপম শৰ্মা আৰু গৌতম কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ আঁৰত আছে প্ৰাক্তন বিজেপি বিধায়ক অশোক কুমাৰ সিংঘী ৷ আনহাতে জু-ৰোড উৰণীয়া সেতু নিৰ্মাণৰ ঠিকা লাভ কৰিছে অনিল দাস নামৰ এজন লোকে ৷ লোক নিৰ্মাণ বিভাগৰ পৰা পোৱা আংশিক তথ্য অনুসৰি,অনুপম শৰ্মাই- 1,653,89,26,917 টকা, অনিল দাসে-840,131,104 টকা আৰু অশোক কুমাৰ সিংঘীয়ে- 921,65,94,526 টকাৰ ঠিকা লাভ কৰিছিল ৷

এই তিনি ঠিকাদাৰৰ মুঠ ঠিকাৰ পৰিমাণ তিনি হাজাৰ চাৰিশ পোন্ধৰ কোটি আঠষষ্ঠী লাখ টকা বুলি কয় ৰাইজৰ দলৰ নেতা গৰাকীয়ে ৷ তেওঁ লগতে কয়, অসমত বৰ্তমান তিনিজন ঠিকাদাৰ আছে বুলি বহু সময়ত ৰাইজে অভিযোগ কৰি আহিছে ৷ এই তিনিজন ঠিকাদাৰৰ আঁৰত আৰু এজন ঠিকাদাৰ আছে বুলি উল্লেখ কৰি সেয়া খোদ মুখ্যমন্ত্ৰীজন নিজেই বুলি অভিযোগ উত্থাপন কৰে নেতাজনে ৷

এই কেলেংকাৰীৰ তদন্ত হলে জোলোঙাৰ মেকুৰী ওলাই পৰিব বুলিও ব্যক্ত কৰে ভাস্ক ডি শইকীয়াই ৷ ইফালে জাইকাৰ পানী যোগান প্ৰকল্পৰ বিসংগতি সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাইজৰ দলৰ নেতা গৰাকীয়ে কয়, 2022 চনৰ 5 ফেব্ৰুৱাৰীত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ তদন্ত সমিতিয়ে প্ৰতিবেদন দাখিল কৰিছিল ৷ ৰাইজৰ দলৰ মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন, ক'ত গ'ল সেই তদন্তৰ প্ৰতিবেদন? তদন্ত সমিতিৰ প্ৰতিবেদন কিয় আজিলৈ দাখিল কৰা নহ’ল ? কাৰ কেলেংকাৰী গাপ দিবৰ বাবে তদন্তৰ প্ৰতিবেদন গুৰুত্ব দিয়া নহ’ল বুলি বুলি প্ৰশ্ন কৰে ৰাইজৰ দলে ৷ সেয়েহে জাইকাৰ তদন্ত সমিতিৰ প্ৰতিবেদন সোনকালেই ৰাজহুৱা কৰাৰ বাবে চৰকাৰক দাবী জনায় দলটোৱে ৷

লগতে পঢ়ক:Himanta Biswa Militant link: মুখ্যমন্ত্ৰীক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰৰ দাবীৰে কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details