অসম

assam

By

Published : Aug 31, 2019, 9:36 PM IST

Updated : Aug 31, 2019, 10:30 PM IST

ETV Bharat / state

এন আৰ চিক লৈ অসন্তুষ্টি থাকিলে দায়ী হ'ব চৰকাৰ : প্ৰফুল্ল কুমাৰ মহন্ত

আজি অসমবাসীৰ বাবে এটা ঐতিহাসিক দিন ৷ দীৰ্ঘদিনীয়া আশা-প্ৰত্যাশাৰ অন্তত আজি প্ৰকাশিত হ'ল এন আৰ চি ৷ এন আৰ চি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত হৈছে, অসুখী হোৱাৰ কিবা থাকিলে তাৰ বাবে চৰকাৰ দায়ী হ'ব ৷

এন আৰ চিক লৈ অসন্তোষ্টি থাকিলে দায়ী হ'ব চৰকাৰ

গুৱাহাটী, আগষ্ট 31 : এন আৰ চি সন্দৰ্ভত সংবাদমেল প্ৰফুল্ল কুমাৰ মহন্তৰ ৷ সংবাদ মাধ্যমক সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, আজি অসমবাসীৰ বাবে এটা ঐতিহাসিক দিন ৷ দীৰ্ঘদিনীয়া আশা-প্ৰত্যাশাৰ অন্তত আজি প্ৰকাশিত হ'ল এন আৰ চি ৷ বহু বাধা বিঘিনি নেওচি প্ৰতীক হাজেলাই এই কাম কৰিলে আৰু অসমৰ 55 হাজাৰ কৰ্মীয়ে নিঃস্বাৰ্থভাৱে কাম কৰাৰ ফল আজি অসমীয়াই লাভ কৰিলে বুলি মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ৷

এন আৰ চিক লৈ অসন্তোষ্টি থাকিলে দায়ী হ'ব চৰকাৰ

সংবাদমেলতে অসম আন্দোলনৰ বহু প্ৰাক্তন সতীৰ্থক সোঁৱৰণ কৰিলে প্ৰফুল্ল কুমাৰ মহন্তই ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেখেতে কয় যে, এন আৰ চি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত হৈছে, অসুখী হোৱাৰ কিবা থাকিলে তাৰ বাবে চৰকাৰ দায়ী হ'ব ৷ ইয়াৰ লগতে প্ৰফুল্ল কুমাৰ মহন্তই আৰু কয় যে, ভটিয়নী সোঁতত মই যাব নিবিচাৰো । কিন্তু শুদ্ধ এন আৰ চিৰ বাবে ই এখন মাইলৰ খুঁটি হ'ব ৷

অসমবাসীৰ বাবে এটা ঐতিহাসিক দিন

বিগত সময়ত অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বভাৰতীয় তুলনাত আছিল দুগুণ, গতিকে বিদেশী বহিস্কাৰ কৰি একে সময়তে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বিদেশী অনাৰ ব্যৱস্থা নকৰিবলৈ চৰকাৰক আহ্বান মহন্তৰ ৷

Last Updated : Aug 31, 2019, 10:30 PM IST

ABOUT THE AUTHOR

...view details