গুৱাহাটী, 5 চেপ্টেম্বৰঃ "ডঃ দেবেন দত্তৰ হত্যাকাণ্ডৰ লগত জড়িত দোষীয়ে যাতে শাস্তি পাই তাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে"৷ বৃহস্পতিবাৰে দিছপুৰস্থিত মন্ত্ৰী আৱাসগৃহত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই চিকিৎসক দেৱেন দত্তৰ হত্যাকাণ্ড প্ৰসংগত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ৷
ডঃ দেবেন দত্তৰ হত্যাকাণ্ডক তীব্ৰ গৰিহণা পীয়ুষ হাজৰিকাৰ - ইণ্ডিয়ান মেডিকেল এছোচিয়েচন
বৃহস্পতিবাৰে দিছপুৰস্থিত মন্ত্ৰী আৱাসগৃহত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই চিকিৎসক দেবেন দত্তৰ হত্যাকাণ্ড প্ৰসংগত এক সংবাদমেল সম্বোধন কৰি তীব্ৰ গৰিহণা দিয়ে এই ঘটনাক ৷
এই সংবাদমেলত তেওঁ কয় যে ইতিমধ্যে মুখ্যমন্ত্ৰী সোণোৱালে দেৱেন দত্তৰ পত্নীৰ লগত ফোন যোগে বাৰ্তালাপ কৰি ফাষ্টট্ৰেক আদালতত এই হত্যাকাণ্ডৰ বিচাৰৰ আশ্বাস দিছে ৷ আৰু ভাৰতীয় প্ৰশাসনিক বিষয়া শ্যাম জগন্নাথৰ নেতৃত্বত এক তদন্ত সমিতি গঠন কৰি তদন্ত প্ৰক্ৰিয়া আগবঢোৱা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে ৷ লগতে মন্ত্ৰী হাজৰিকাই কয় যে চিকিৎসক নিগ্ৰহৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুন আইন আনিছে আৰু এই নিয়ম অসমতো প্ৰযোজ্য হ'ব ৷ ইয়াৰোপৰি চাকৰি পদত্যাগ কৰা চিকিৎসক সকলক পুনৰ চাকৰিত যোগদানৰ বাবে অনুৰোধ জনাই মন্ত্ৰী গৰাকীয়ে ৷ আনহাতে 'ইণ্ডিয়ান মেডিকেল এছোচিয়েচনৰ' দাবী অনুসৰি দণ্ডাধীশ গৰাকীক মুখ্যমন্ত্ৰীৰ নিদেৰ্শত আতৰাই বেলেগ বিষয়াক নিয়োগ কৰা হৈছে বুলিও ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই জানিবলৈ দিয়ে ৷