গুৱাহাটী, ৮ ছেপ্তেম্বৰঃ কংগ্ৰেছ-বিজেপিক প্ৰতিহত কৰাৰ নামত সুকীয়া সুকীয়াকৈ দল গঠন নকৰি একেখন পতাকাৰ তলতে সকলোকে ঐক্যবদ্ধ হ’বৰ বাবে সোমবাৰে পত্ৰযোগে অখিল গগৈয়ে আহ্বান জনোৱাৰ পাছতে মঙলবাৰে আলোচনাত বহিল ৰাজ্যৰ সত্তৰটা সংগঠনৰ নেতৃত্ব ৷ মূলতঃ ৰাষ্ট্ৰীয় শক্তিক পৰাভূত কৰাৰ স্বাৰ্থতে সকলো এক হোৱাৰ পোষকতা কৰি মঙলবাৰে কৃষক মুক্তিৰ লগত আলোচনাত বহে সংগঠনৰ নেতৃবৃন্দৰ ৷ এই ক্ষেত্ৰত আছুকে আদি কৰি প্ৰতিটো জাতীয় সংগঠনলৈ পত্ৰ প্ৰেৰণ কৰিব সত্তৰ সংগঠনৰ নেতৃত্বই ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আহ্বান মৰ্মে অনুষ্ঠিত হোৱা বৈঠকখনত মঙলবাৰে উপস্থিত থাকে টাই আহোম ছাত্ৰ সন্থা, জনজাতীয় ছাত্ৰ সন্থাৰ নেতৃত্বকেধৰি ভালেকেইটা সংগঠনৰ নেতা ৷
অখিল গগৈৰ আহ্বানৰ পিচতেই আলোচনাত মিলিত হ’ল 70 সংগঠনৰ নেতৃত্ব - 70 সংগঠনৰ নেতৃবৃন্দ
মূলতঃ ৰাষ্ট্ৰীয় শক্তিক পৰাভূত কৰাৰ স্বাৰ্থতে সকলো এক হোৱাৰ পোষকতা কৰি মঙলবাৰে কৃষক মুক্তিৰ লগত আলোচনাত বহে 70 সংগঠনৰ নেতৃত্ব ৷
ইপিনে বৈঠকৰ অন্তত কৃষক মুক্তিৰ নেতা ধৈৰ্য্য কোঁৱৰৰ মন্তব্য- “ বিজেপিক পৰাভূত কৰিবলৈ হ’লে আমি এক হৈ যুঁজিব লাগিব ৷ এই ক্ষেত্ৰত আমি সকলোৰে লগত আলোচনাত মিলিত হ’ম ৷ আমাৰ সকলোৰে উদ্দেশ্য একে ৷ জাতিক বচাবলৈ হ’লে আমি ঐক্যবদ্ধ হ’বই লাগিব"৷ আনহাতে ৰাজ্যৰ আগন্তুক উপ নিৰ্বাচনত কৃষক মুক্তিৰ নেতৃত্বত গঠন হ’ব লগা আঞ্চলিক দলৰ সকলো কামকাজ সম্পন্ন নহ’লে অখিল গগৈক নিৰ্দলীয় প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰাৰ পোষকতা সত্তৰ সংগঠনৰ নেতৃত্বৰ ৷
লগতে পঢ়কঃ অগপৰ সভাপতি নিৰ্বাচনত আদালতৰ স্থগিতাদেশ