অসম

assam

ETV Bharat / state

তৰুণ গগৈ বিজেপিত আহিব বুলি মই শুনি আছোঃহিমন্ত বিশ্ব শৰ্মা - খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ

শনিবাৰে অনুষ্ঠিত হ’ব ভাৰতীয় জনতা পাৰ্টিৰ বুথ সভাপতি সন্মিলন ৷ সন্মিলনৰ প্ৰস্তুতি সম্পৰ্কে জনাবলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে আয়োজন কৰে এক সংবাদমেল ৷ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব সন্মিলনখন ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জগত প্ৰসাদ নাড্ডা উপস্থিত থাকিব উক্ত সন্মিলনত ৷

হিমন্ত বিশ্ব শৰ্মা
সংবাদমেল

By

Published : Jan 4, 2020, 3:45 AM IST

গুৱাহাটী,3 জানুৱাৰীঃ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া ভাৰতীয় জনতা পাৰ্টিৰ বুথ সভাপতি সন্মিলনৰ প্ৰস্তুতি বৰ্তমান তুংগত ৷ সন্মিলনখনৰ পূৰ্বে শুকুৰবাৰে এক সংবাদমেলৰ আয়োজন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সংবাদমেলখনত সন্মিলনখনৰ বিষয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷

হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

শনিবাৰে অনুষ্ঠিত হ'বলগীয়া বুথ সভাপতি সন্মিলনত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জগত প্ৰসাদ নাড্ডা উপস্থিত থাকিব ৷ লগতে বিজেপিৰ গাঁও পঞ্চায়তৰ নিৰ্বাচিত সদস্যসকলে যোগদান কৰিবলগীয়া সন্মিলনখনত বুথ পৰ্যায়ৰ সভাপতি,সভানেত্ৰীসকলো উপস্থিত থাকিব ৷ প্ৰায় ৭০-৯০ হাজাৰ কাৰ্যকৰ্তা উক্ত সন্মিলনত উপস্থিত হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে ৷ পৰৱৰ্তী 7 আৰু 8 জানুৱাৰীত ক্ৰমে বিশ্বনাথ আৰু ধেমাজিত ভাৰতীয় জনতা পাৰ্টীৰ বিশাল কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হ’ব ৷

শনিবাৰে বুথ সভাপতি সন্মিলন

ইফালে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধেও মুখ খোলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ শৰ্মাই কয়,"কা বিৰোধী আন্দোলন উচ্চতম ন্যায়ালয়ৰ দুৱাৰদলি পাইছে । উচ্চতম ন্যায়ালয়ে যি ৰায় প্ৰদান কৰে সেয়া আমি মানি ল’ব লাগিব ।"

নলবাৰীত আছুকৰ্মীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে,"আধ্যাত্মিকতাৰে মুখ্যমন্ত্ৰীয়ে ধৰ্মীয় কাৰ্যসূচীত যোৱা সময়ত ক’লা পতাকা দেখুওৱাটো কিমান যুক্তিসংগত ৷ স্মৰ্তব্য যে,মন্ত্ৰী শৰ্মাই ৰঙাপৰাত ৰাজেন বৰঠাকুৰৰ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ খবৰ লবলৈ যাওঁতে অনুৰূপ ঘটনাৰ সন্মুখীন হৈছিল ৷

আনহাতে,তৰুণ গগৈ সম্পৰ্কত বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্তই ৷ বিগত কিছুদিনপূৰ্বে হিমন্ত পুনৰ কংগ্ৰেছলৈ আহিব বুলি তৰুণ গগৈয়ে কৰা মন্তব্য নসাৎ কৰি শৰ্মাই কয়,তৰুণ গগৈ বিজেপিত আহিব বুলিহে মন্ত্ৰীগৰাকীয়ে শুনি আছে ৷

তৰুণ গগৈক তুলাধুনা

লগতে শিল্পী সমাজৰ চি এ এ বিৰোধী প্ৰতিবাদৰ প্ৰতি সন্মান জনাই প্ৰতিবাদ অব্যাহত ৰাখিবলৈ কয় ৷ তদুপৰি মন্ত্ৰীগৰাকীৰ সৈতে শিল্পী সমাজক চি এ এ সন্দৰ্ভত আলোচনাৰ বাবে মুকলিকৈ আমন্ত্ৰণ জনায় সংবাদমেলখনত ৷

লগতে চাওকঃ অনুৰাগীক মুগ্ধ কৰিবলৈ অসমত উপস্থিত বলীউডৰ শিল্পী মিকা সিং

ABOUT THE AUTHOR

...view details