অসম

assam

By

Published : Jun 22, 2019, 9:07 PM IST

ETV Bharat / state

হজযাত্ৰালৈ সাজু অসমৰ ৩৫১৫ গৰাকী হজযাত্ৰী

৪ জুলাইত দিনৰ ২ বাজি ১৫ মিনিটত গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা উৰা মাৰিব প্ৰথমটো হজযাত্ৰীৰ দলে ।

হজযাত্ৰালৈ সাজু অসমৰ ৩৫১৫ গৰাকী হজযাত্ৰী


গুৱাহাটী,২২ জুনঃ প্ৰতি বছৰৰ দৰে এই বছৰো আৰম্ভ হৈছে ইছলাম ধৰ্মীয় নীতি অনুসৰি হজযাত্ৰাৰ প্ৰক্ৰিয়া । যাত্ৰাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে হজযাত্ৰী সকলৰ । এইবাৰ মক্কা আৰু মদিনালৈ হজৰ বাবে যাত্ৰা কৰিব উত্তৰ-পূবৰ মুঠ ৩৫৯৪ গৰাকী ব্যক্তি । এই হজযাত্ৰী সকলৰ ভিতৰত ৩৫১৫ গৰাকী অসমৰ, ৫৫ গৰাকী মেঘালয়ৰ, ২২ গৰাকী নাগালেণ্ডৰ আৰু ৪ গৰাকী অৰুণাচল প্ৰদেশৰ । হজযাত্ৰী সকলৰ ভিতৰত ২৪৩২ গৰাকী পুৰুষ আৰু ১১৬২ গৰাকী হৈছে মহিলা । এয়াৰ ইণ্ডিয়াৰ বিমানযোগে ৪ জুলাইত গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা দিনৰ ২ বাজি ১৫ মিনিটত মদিনা অভিমুখে উৰা মাৰিব উত্তৰ-পূৱৰ হজযাত্ৰীৰ প্ৰথমটো দলে । এয়াৰ ইণ্ডিয়াৰ প্ৰতিখন বিমানত এইবেলি গুৱাহাটীৰ পৰা মদিনালৈ উৰা মাৰিব ১৪৫ গৰাকী হজযাত্ৰী । উত্তৰ-পূব হজযাত্ৰী অভ্যৰ্থনা সমিতিয়ে সংবাদ মেল যোগে অৱগত কৰে এই কথা ৷

হজযাত্ৰালৈ সাজু অসমৰ ৩৫১৫ গৰাকী হজযাত্ৰী

বিগত ২০১৮ বৰ্ষৰ পৰা উত্তৰ-পূৱৰ হজযাত্ৰী কলকাতাৰ পৰাও হজলৈ যোৱাৰ সু-ব্যৱস্থা কৰা হৈছে। এইবাৰ সৰ্বমুঠ ৩৫৯৪ গৰাকী হজযাত্ৰীৰ ২৯৫৮ গৰাকী গুৱাহাটীৰ পৰা ৰাওনা হোৱাৰ বিপৰীতে ৬৩৬ গৰাকীয়ে কলকাতাৰ পৰা পবিত্ৰ হজৰ বাবে ৰাওনা হ'ব ।

ABOUT THE AUTHOR

...view details