গুৱাহাটী, 5 জানুৱাৰী :এ পি এছ চি কেলেংকাৰীৰ খলনায়ক ৰাকেশ পালৰ সহায়ক নন্দবাবু সিনহাই জামিন লাভ কৰা কাৰ্যই প্ৰমাণ কৰিছে যে এছ আই টিয়ে ৰাজ্য কঁপাই যোৱা এ পি এছ চি কেলেংকাৰিৰ তদন্ত কিমান গুৰুত্ব সহকাৰে কৰিছে ৷ এই মন্তব্য ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ সম্পাদক ৰিতু ৰঞ্জন দাসৰ ৷ শুকুৰবাৰে বহুচৰ্চিত এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনে ৷
সংবাদমেলত সংগঠনটোৰ সম্পাদকজনে এছ আই টিক লৈ প্ৰশ্ন উত্থাপন কৰে ৷ তেওঁ কয় যে, এছ আই টি আৰু চৰকাৰে সমগ্ৰ কেলেংকাৰীটো সুৰক্ষা দিব বিচাৰিছে আৰু অভিযুক্ত বিষয়া সকলক ৰক্ষণাবেক্ষণ দিছে ৷ নন্দবাবু সিনহা আৰক্ষীৰ জিন্মাত থাকিলে বহুতৰে মুখা খোল খাব ৷ নন্দবাবু সিনহাই জামিন পাবলৈ যাতে সক্ষম হয় তাৰ বাবে ইচ্ছাকৃতভাৱে এছ আই টিয়ে গাফিলতি কৰিছে বুলি কয় তেওঁ ৷ এছ আই টি গঠনৰ মাজেৰে তদন্ত প্ৰক্ৰিয়া ব্যাহত কৰা, ভুল পথে লৈ যোৱা আৰু দোষী সকলক ৰেহাই দিয়াৰ প্ৰক্ৰিয়াহে চলিছে বুলিও কয় তেওঁ ৷