অসম

assam

ETV Bharat / state

"হিমন্ত বিশ্ব শৰ্মাৰ কথাত গুৰুত্ব নিদিয়াই ভাল" : তৰুণ গগৈ - rajiv bhawan

ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ এক সংবাদমেল প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে এই মন্তব্য কৰে ৷ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া উপস্থিত থাকে এই সংবাদমেলত ৷

"হিমন্ত বিশ্ব শৰ্মাৰ কথাত গুৰুত্ব নিদিয়াই ভাল"

By

Published : Sep 1, 2019, 2:59 PM IST

গুৱাহাটী, 1 চেপ্টেম্বৰঃ"যি 19 লাখ 6 হাজাৰ মানুহৰ নাম বাদ পৰিছে তেওঁলোকৰ ড্ৰাফটৰ লেখীয়াই বিসংগতি ৰৈছে ৷ নাম বাদ পৰা লোক সকলৰ ভিতৰত বহু প্ৰকৃত ভাৰতীয় লোকৰ নাম সোমাই পৰিছে"- সংবাদলমেলত এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ এখন সংবাদমেল অনুষ্ঠিত হয় ৷ এই সংবাদমেলখনত সভাপতি ৰিপুন বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া উপস্থিত থাকে ৷

ৰিপুন বৰাৰ মন্তব্য

সংবাদমেলখনত সভাপতি ৰিপুন বৰাই কয় যে যি সকল লোকৰ নাম বাদ পৰিছে তেওঁলোকক কংগ্ৰেছ দলে আইনী সাহায্য আৰু দিহা পৰামৰ্শ দিব ৷ ইপিনে তেওঁ দাবী কৰে যে এই প্ৰক্ৰিয়া শীঘ্ৰে কাৰ্যক্ষম কৰিব লাগে আৰু দ্ৰুত গতিত বিবাদ সমূহ নিষ্পত্তি কৰিব লাগে ৷ লগতে অতি সোনকালে এই 19 লাখ 6 হাজাৰ মানুহক স্পিকিং অৰ্ডাৰ দিব লাগে ৷ আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে বিজেপি অগপৰ ইচ্ছ্যু এটাই। তেওঁ অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী মোডীয়ে বিদেশী খেদাটো বাদেই এন আৰ চি খনেই ভালকৈ নকৰিলে আৰু এন আৰ চিৰ দায়িত্ব পালন কৰাত তেওঁলোকে গুৰুত্ব নিদিলে। যাৰ কাৰণে নতুন নতুন সমস্যাৰ সৃষ্টি হৈছে।

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মন্তব্য

ইয়াৰ লগতে তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাই এনে দেখুৱাইছে যে সৰ্বানন্দ আচল মানুহ নহয় হিমন্তহে আচল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দুই নম্বৰী সকলোৱে জানে।হিমন্তই বিশ্ব অসম চুক্তি ৰূপায়নত ব্যৰ্থ হৈ এতিয়া ওলোটা খৰ মাৰিছে বুলি অভিযোগ কৰি তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাৰ কথাত গুৰুত্ব নিদিয়াই ভাল। বিজেপিয়ে শৰণাৰ্থী সকলক নাগৰিকত্ব দিম বুলি কৈছিল কিন্তু হিমন্তক অসম চুক্তিয়ে হে ভাৰতীয় নাগৰিকত্ব দিলে বুলিও কয় প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে । ইয়াৰোপৰিও তেওঁ প্ৰশ্ন উত্থাপন কৰি কয় যে বিজেপি আৰু অগপই অপপ্ৰচাৰ কৰিছিল যে কংগ্ৰেছৰ দিনত 40-50 লাখ বিদেশীক ৰক্ষণাবেক্ষণ দিয়া হৈছিল । তেনেহলে এতিয়া কিয় নোলালে সেই 40-50 লাখ বিদেশী । যি জন মহন্তই 50 লাখৰ কথা কৈছিল সেই মহন্তই এতিয়া 19 লাখ বিদেশী ওলাওঁতেই সন্তুষ্টি প্ৰকাশ কৰিছে বুলি মন্তব্য কৰি প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে প্ৰফুল্ল মহন্তক মিছলীয়া আখ্যা দিয়ে । লগতে তেওঁ অভিযোগ কৰে যে এন আৰ চিৰ কাম প্ৰফুল্ল মহন্তৰ দিনত আৰম্ভ নকৰিলে কাৰণ তেওঁলোকে সমস্যা সমাধান কৰিব নিবিচাৰে ৷

ABOUT THE AUTHOR

...view details