অসম

assam

ETV Bharat / state

অসমত অসমীয়া ভাষা সৰ্বকালৰ বাবে ৰাজ্যিক ভাষা হৈ থাকিবঃ মুখ্যমন্ত্ৰী

নাগৰিকত্ব সংশোধনী আইন বিৰোধী গণতান্ত্ৰিক আন্দোলনক তেওঁ সন্মান কৰে আৰু ইয়াক লৈ বিভ্ৰান্তিৰ সৃষ্টি কৰা হৈছেঃ সৰ্বানন্দ সোণোৱাল ৷ নাগৰিকত্ব সংশোধনী আইনক লৈ অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব, প্ৰভূত্বৰ কোনো ক্ষতি নহয় বুলিও উল্লেখ কৰে ৷

Press meet of CM about situation of CAA
ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ সংবাদমেল

By

Published : Dec 20, 2019, 2:06 PM IST

গুৱাহাটী, 20 ডিচেম্বৰঃ অসমৰ সাম্প্ৰতিক পৰিস্থিতি তথা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা আন্দোলনক লৈ সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ সংবাদমাধ্যমক সম্বোধণ কৰি মুখ্যমন্ত্ৰীয়ে কেতবোৰ ক্ষেত্ৰত মন্তব্য প্ৰদান কৰে ৷ তেওঁ কয় যে ‘‘অসমত অসমীয়া ভাষা সৰ্বকালৰ বাবে ৰাজ্যিক ভাষা হৈ থাকিব, আৰু ইয়াৰ বাবে চৰকাৰে সকলো যাৱতীয় পদক্ষেপ ল’ব ৷’’ লগতে তেওঁ কয় যে, নাগৰিকত্ব সংশোধনী আইন বিৰোধী গণতান্ত্ৰিক আন্দোলনক তেওঁ সন্মান কৰে আৰু ইয়াক লৈ বিভ্ৰান্তিৰ সৃষ্টি কৰা হৈছে ৷ অসম সদায় অসমীয়াৰ হৈ থাকিব বুলিও তেওঁ আশ্বাস প্ৰদান কৰে ৷

ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ সংবাদমেল

নাগৰিকত্ব সংশোধনী আইনক লৈ অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব, প্ৰভূত্বৰ কোনো ক্ষতি নহয় বুলিও উল্লেখ কৰে ৷ লগতে অসমৰ জাতীয় দল-সংগঠনসমূহক চৰকাৰৰ লগত সুস্থিৰ আলোচনাৰ বাবে আহ্বান কৰে মুখ্যমন্ত্ৰীয়ে ৷

ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ সংবাদমেল

ইয়াৰোপৰি অসম চুক্তিৰ 6 নং দফা কাৰ্যকাৰীৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে, অসমৰ ৰাইজে 6 নং দফাৰ পৰা সাংবিধানিক ৰক্ষা কৱচ লাভ কৰিব ৷ এই আন্দোলনত যথেষ্ট অশুভ শক্তিয়ে ব্যাপক বিভ্ৰান্তিৰ সৃষ্টি কৰি বিপথে পৰিচালনা কৰাৰ চেষ্টা কৰিছে বুলিও তেওঁ উল্লেখ কৰে ৷

ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ সংবাদমেল

আনহাতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ সংখ্যা অতিশীঘ্ৰেই ৰাজহুৱা কৰা হ’ব ৷ এই আইনক লৈ সৰ্বত্ৰে চলা বিভিন্ন হিংসাত্মক ঘটনাৰ কাৰণ অপপ্ৰচাৰ বুলিও মন্তব্য কৰে ৷

ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ সংবাদমেল

আৰু পঢ়কঃৰাজ্যৰ শেহতীয়া পৰিস্থিতিত শংকিত বিজেপি বিধায়ক, মুখ্যমন্ত্ৰীক সাক্ষাৎ

ABOUT THE AUTHOR

...view details