গুৱাহাটী, 16 ফেব্ৰুৱাৰী : এইবাৰ পেগছাছক লৈ সৰৱ হৈ পৰিছে অসমৰ নাগৰিক সমাজ ৷ এই সন্দৰ্ভত মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি অসমৰ নাগৰিক সমাজে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীক পদত্যাগ দাবী জনায় ৷ অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰে কয় যে, নিউয়ৰ্ক টাইমচত ইজৰাইলী সংস্থাৰ এন এচ অ’ ৰ বিষয়ে প্ৰকাশ কৰা প্ৰতিবেদন এটাই ভাৰত চৰকাৰৰ মুখা খুলি দিলে(Press meet of Axom Nagarik Samaj at Guwahati) ।
নেতাদ্বয়ে কয় যে, পেগাছাছ সম্পৰ্কে ভাৰতৰ উচ্চতম ন্যায়লয়ত বিচাৰধীন হৈ থকা এই অভিযোগটো নিউয়ৰ্ক টাইমচৰ প্ৰতিবেদনটোৱে সত্য প্ৰমাণিত হৈছে ৷ সত্য উন্মোচিত হোৱাৰ ভয়ত সংসদত পেগছাছ সন্দৰ্ভত প্ৰশ্ন উত্থাপন হ'বলৈ নিদিলে চৰকাৰে । ইয়াৰ অৰ্থ এয়ে যে, চৰকাৰে নুই কৰিব পৰা নাই পেগছাছ ব্যৱহাৰৰ কথা । চৰকাৰে নিজেই এই ঘটনাৰ লগত জড়িত থকাৰ বাবেই তদন্ত ঘোষণাৰ সাহস কৰা নাই বুলি মন্তব্য তেওঁলোকে মন্তব্য কৰে । তেওংলোকে লগতে কয় যে, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে ২+২=৩ হয় বুলি ক'লেও ৰাইজে মানি ল'বলৈ বাধ্য । বিৰোধী ৰাজনৈতিক নেতা আৰু সত্যৰ বাতৰি কৰা সাংবাদিকসকল ভুক্তভোগী ।