অসম

assam

ETV Bharat / state

লক্ষ্য লোকসভা নিৰ্বাচন : অসম যুৱ পৰিষদৰ বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক - Asom Yuva Parishad

অসম যুৱ পৰিষদৰ বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা ৷ 22 ডিচেম্বৰত অসম যুৱ পৰিষদৰ উদ্যোগত খানাপাৰাত অনুষ্ঠিত হ’ব নিয়োগ মেলা ৷

Press Meet of Asom Yuva Parishad in Guwahati
অসম যুৱ পৰিষদৰ বিশেষ সিদ্ধান্ত

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 6:57 PM IST

অসম যুৱ পৰিষদৰ সংবাদমেল

গুৱাহাটী, ১৬ অক্টোবৰ: অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা দলটোৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত শনিবাৰে অনুষ্ঠিত হয় ৷ এই সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

সভাৰ অন্তত সংবাদমেল সম্বোধন কৰি অসম যুৱ পৰিষদৰ সভাপতি জিতু বুঢ়াগোহাঁইয়ে কয় যে সভাত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ মুখ্যত গুৱাহাটীত পৰিষদৰ উদ্যোগত নিয়োগ মেলা অনুষ্ঠিত কৰা আৰু আগন্তুক লোকসভা নিৰ্বাচনত অগপ আৰু মিত্ৰ দল বিজেপিৰ প্ৰাৰ্থীসকলক সৰ্বতো প্ৰকাৰে কেনেদৰে সহায় কৰিব পৰা সন্দৰ্ভত আলোচনা কৰা হয় ৷

তেওঁ কয় যে অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন হিচাপে অসম যুৱ পৰিষদৰ ৰাজনৈতিক কাৰ্যসূচী আছে ৷ আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত সংগঠনটোৰ ৰাজনৈতিক কাৰ্যসূচী আছে ৷ মাঘ বিহুৰ‌ পিছতেই লোকসভা সমষ্টি ভিত্তিত সকলো সমষ্টিতে পৰিষদৰ বিভিন্ন সাংগঠনিক সভা অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে যুৱ পৰিষদৰ সভাপতিগৰাকীয়ে ৷ লগতে আগন্তুক দিনত দলটোক কেনেদৰে জনমুখী কৰিব লাগে এই সন্দৰ্ভতো সভাত আলোচনা কৰা হৈছে ৷

লগতে অসম যুৱ পৰিষদৰ সভাপতি জিতু বুঢ়াগোহাঁইয়ে কয় যে , নতুন প্ৰজন্মই এতিয়া নতুন চিন্তাৰে আগবাঢ়ি আহিছে ৷ এতিয়া তথ্য-প্ৰযুক্তিৰ যুগ ৷ গতিকে এই সন্দৰ্ভতো সভাত আলোচনা কৰা হৈছে বুলি জানিবলৈ দিয়ে তেওঁ ৷ লগতে দলটোক জনমুখী কৰিবলৈ বিভিন্ন কৌশল ৰচনা কৰা হৈছে বুলিও কয় সভাপতিগৰাকীয়ে ৷

ইফালে সংবাদমেলতে তেওঁ জনায় যে 22 ডিচেম্বৰত অসম যুৱ পৰিষদৰ উদ্যোগত খানাপাৰা খেলপথাৰত অনুষ্ঠিত হ’ব নিয়োগ মেলা হ'ব ৷ ৰাজ্যৰ নিবনুৱা সকলে এই নিয়োগ মেলাত অংশগ্ৰহণ কৰিব পাৰিব ৷ 100 টাকৈ অধিক প্ৰতিষ্ঠানে এই মেলাত অংশগ্ৰহণ কৰিব ৷ আৱেদনকাৰী প্ৰাৰ্থীৰ পৰা কোনো পঞ্জীয়ন‌ মাচুল লোৱা নহয় বুলি উল্লেখ কৰে জিতু বুঢ়াগোহাঁইয়ে ৷ এই নিয়োগ মেলাৰ জৰিয়তে এহেদাৰগৰাকী নিবনুৱাক নিযুক্তি দিয়া হ’ব বুলিও কয় তেওঁ ৷

আনহাতে সংবাদমেলত অংশগ্ৰহণ কৰি অসম যুৱ পৰিষদৰ উপদেষ্টা তথা জ্যেষ্ঠ অগপ নেতা মনোজ শইকীয়াই আগন্তুক লোকসভা নিৰ্বাচনত অগপ আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক সহায় কৰা সন্দৰ্ভত সভাত পৰিষদে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :নিৰ্বাচন আয়োগ দাঁত-নখহীন বাঘ হ’ব নেকি: সাংসদ ভূঞাৰ আশংকা

ABOUT THE AUTHOR

...view details