গুৱাহাটী, 11 জানুৱাৰীঃ"কেন্দ্ৰৰ বিজেপি চৰকাৰে নিশাটোৰ ভিতৰতে একপক্ষীয় সিদ্ধান্ত গ্ৰহণ কৰি CAA বলৱৎ কৰিছে ৷ কেন্দ্ৰৰ এই সিদ্ধান্তক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছো ৷ CAAৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম অব্যাহত থাকিব" ৷ শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটীৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই এক সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য প্ৰকাশ কৰে ৷
ইপিনে উচ্চতম ন্যায়ালয়ে উক্ত আইনখনৰ সম্পৰ্কত এক সঠিক ৰায় দিব বুলিও আশাবাদী কংগ্ৰেছৰ মুখপাত্ৰ গৰাকী ৷ তেওঁ কয় যে CAA বিৰোধী শক্তিক দমন কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিয়ে বিভিন্ন কৌশল আয়ত্ব কৰি কংগ্ৰেছক পোনপটীয়া আক্ৰমণৰ লক্ষ্য কৰিছে ৷ তদুপৰি তেওঁ উল্লেখ কৰে যে CAA বিৰোধী প্ৰতিবাদী সংগ্ৰামত কংগ্ৰেছে পোনপটীয়াকৈ জড়িত থকাৰ বাবে বিজেপি চৰকাৰে কংগ্ৰেছ দলৰ কৰ্মীসকলক নিৰ্দিষ্টকৈ লক্ষ্য কৰি লৈছে আৰু কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে ৷ বিজেপিৰ শাসন কালত ৰাজ্য পুনৰ গুপ্ত হত্যাৰ দিশে আগবাঢ়িছে বুলিও কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে অভিযোগ কৰে ৷