গুৱাহাটী, ২৮ জুন: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ সমালোচনাত আজি আকৌ এবাৰ সৰৱ হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ । দেওবাৰে এখন সংবাদমেলখনত ভাগ লৈ গগৈয়ে কয় যে, স্বাস্থ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । যিসময়ত COVID-১৯ ৰ ভয়াৱহতা থকাৰ পিচতো সমগ্ৰ ভাৰতবৰ্ষতে পৰ্যায়ক্ৰমে লক ডাউন শিথিল কৰা হৈছে, সেই সময়ত স্বাস্থ্য মন্ত্ৰীগৰাকীৰ ব্যৰ্থতাৰ বাবেই ইয়াত পুণৰ লক ডাউন দিব লগীয়া হৈছে । হাস্পতালত বিছনাৰ অভাৱ হোৱা বাবেই গুৱাহাটীত ৰোগীৰ সংখ্যা আৰু বাঢ়িলে চিকিৎসাৰ সমস্যা হ'ব বুলি স্বাস্থ্য মন্ত্ৰীয়ে স্বীকাৰ কৰিছে । অতদিনে তেওঁ ইমান যে ব্যস্ততাৰৰে ঘূৰিছিল সেই সময়তে এই কথা কিয় চিন্তা নকৰিলে ?
চৰকাৰক আকৌ এজাউৰী তৰুণ গগৈৰ - সংবাদমেল
দেওবাৰে এখন সংবাদমেল সম্বোধন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ সংবাদমেলযোগে স্বাস্থ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী হিচাপে ডঃ হিমন্তবিশ্ব শৰ্মা সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

press meet by ex chief minister tarun gogi
এই লক ডাউন অপৰিকল্পিতঃ তৰুণ গগৈ
হাস্পতালত বিছনা নাই বাবেই কঠোৰভাবে লক ডাউন দিয়াটো গ্ৰহণযোগ্য নহয় বুলিও গগৈয়ে মন্তব্য কৰে । আনহাতে, যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীয়েই কোনো নীতি নিয়ম নামানি ৰাজহুৱা অনুষ্ঠানত ভাগ লৈ ফুৰিছে, মাস্ক নিপিন্ধাকৈ কামাখ্যাত গৈ সেৱা লৈছে সেইখন ৰাজ্যৰ জনতাৰ পৰা তেওঁলোকে কি আশা কৰে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে ।
স্বাস্থ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী হিচাপে ব্যৰ্থ ডঃ হিমন্ত বিশ্ব শৰ্মাঃ তৰুণ গগৈ
অসমৰ মুখ্যমন্ত্ৰীৰ মন্ত্ৰীসকলৰ প্ৰতি থাকিবলগীয়া নিয়ন্ত্ৰণ নাইঃ তৰুণ গগৈ
এতিয়া হিমন্ত বিশ্ব শৰ্মাই সৰ্বেসৰ্বাঃতৰুণ গগৈ