অসম

assam

By

Published : Apr 4, 2021, 9:05 PM IST

ETV Bharat / state

১০১ খন আসন লাভ কৰি চৰকাৰ গঠন কৰাটো নিশ্চিত: মহাজোঁট

সংবাদমেলত মহাজোঁটৰ নেতৃত্বৰ ঘোষণা অসমত বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিক ৰাইজে প্ৰশ্ৰয় নিদিলে। ২মে'ত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ'ব।

as_ghy_03_pc_by_mahajut_img_7209925
১০১ খন আসন লাভ কৰি চৰকাৰ গঠন কৰাটো নিশ্চিত: মহাজোঁট

গুৱাহাটী, ৪ এপ্ৰিল: অসমত বিজেপিৰ অপশাসনৰ অৱসান ঘটাই কংগ্ৰেছ নেতৃত্বৰ মহাজোঁটে চৰকাৰ কৰাটো নিশ্চিত । ১০১ খন আসন লাভ কৰি ২ মে'ত কংগ্ৰেছৰ নেতৃত্বত অসমত মহাজোঁটৰ চৰকাৰ হ'ব । এই দাবী মহাজোঁটৰ । দেওবাৰে গুৱাহাটীৰ হোটেল গেটৱে গ্ৰেণ্ডিঅ'ৰত মহাজোঁটৰ অংশীদাৰ দলসমূহে এখন সংবাদমেল সম্বোধন কৰে ।

সংবাদমেলত অসমৰ দায়িত্বত থকা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কয়-' এইবাৰৰ নিৰ্বাচনত বিজেপিৰ নেতাসকলে প্ৰচাৰৰ নামত অশোভনীয় আচৰণ কৰিছে । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্ৰচাৰ চলাবলৈ আহি অসমৰ সংস্কৃতিৰ পৰিপন্থী ভাষাৰ প্ৰয়োগ কৰিছে । তেওঁলোক বহুবাৰ আহিছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ । কিন্তু অসমৰ সংকটৰ সময়ত এবাৰো আহিবলৈ সময় নাপালে । 'কা' আন্দোলন নাইবা বানপানীৰ সময়ত আহিব নোৱাৰিলে। নিৰ্বাচনী প্ৰচাৰৰ নামত তেওঁলোকে নেতিবাচক প্ৰচাৰ চলালে। পাঁচ বছৰ কি কৰিলে তাৰ কোনো হিচাপ নিদিলে। জাতি-ধৰ্মৰ নামত মাথো বিভাজনৰ কথা ক'লে।'

গুৱাহাটীত মহাজোঁটৰ অংশীদাৰ দলসমূহৰ সংবাদমেল

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জিতেন্দ্ৰ সিঙে কয়-' নিৰ্বাচন আয়োগে বিজেপি চৰকাৰৰ অধীনস্থ কাৰ্যকৰ্তাৰ দৰে কাম কৰি আহিছে। বিজেপিৰ প্ৰাৰ্থীৰ বাহনত ই ভি এম উদ্ধাৰ হৈছে যদিও আয়োগে তেওঁৰ বিৰুদ্ধে একো ব্যৱস্থা লোৱা নাই । ভয়-ভাবুকি দিয়া মন্ত্রীজনৰ বিৰুদ্ধে একো কঠোৰ পদক্ষেপ নল'লে । নিৰ্বাচন আয়োগ নিৰপেক্ষ নহয় । ইভিএমৰ প্ৰতি জনতাৰ বিশ্বাস নাই যদিও আয়োগে ইয়াকে লৈ চলি আছে ।'

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়, 'আৰম্ভনিৰ পৰাই বিজেপিয়ে মাথো সাম্প্ৰদায়িক ৰাজনীতি কৰিলে যদিও ৰাইজে প্ৰশ্ৰয় নিদিলে । দুটা পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ৰাইজে কংগ্ৰেছ নেতৃত্বৰ মহাজোঁটৰ সমৰ্থনত ভোটদান কৰিলে । অন্তিম পৰ্যায়ৰ নিৰ্বাচনত আমাৰ সাংঘাতিক ভাল ফলাফল হ'ব। অসমৰ ৰাইজে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে থিয় দিছে।'

আনহাতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ বল্লভে কয়-' দুটা পৰ্যায়ৰ নিৰ্বাচনৰ যোগেদি এইটো নিশ্চিত যে, মহাজোঁটে ১০১খন আসন লাভ কৰিব । এই কথা বিজেপিয়েও উপলব্ধি কৰিছে । যাৰবাবে তেওঁলোকে হতাশ-নিৰাশ হৈ ইভিএম অপহৰণত জড়িত হৈছে । আয়োগৰ প্ৰতিটো গাইডলাইন ভংগ কৰিছে । সংবাদমেলত আঞ্চলিক গণ মৰ্চাৰ হৈ সাংসদ অজিত কুমাৰ ভূঞাই কয়-' বিজেপি চৰকাৰৰ দিনত গণতন্ত্ৰক হত্যা কৰা হৈছে। বিগত পাঁচ বছৰ ভয়-ভাবুকি প্ৰদানৰ লগতে উৎপীড়ন চলোৱা হ'ল । এইবাৰৰ নিৰ্বাচনত বিজেপিৰ এজেণ্ডা কামত নাহিল। ২ মে'ত বিজেপি উৎখাত হ'ব আৰু মহাজোঁটৰ চৰকাৰ হ'ব ।'

সংবাদমেলত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে অপশক্তিক পৰাভূত কৰিবলৈ ঐক্যবদ্ধ হোৱা দহটা দলে নিজৰ লক্ষ্যত উপনীত হবলৈ সক্ষম হ'ব । আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে বিজেপিৰ অপশাসনৰ পৰা পৰিত্রান পাবলৈ ৰাইজে ভোট দিছে আৰু চৰকাৰ কংগ্ৰেছ নেতৃত্বৰ মহাজোঁটৰ হ'ব । সংবাদমেলত মহাজোঁটৰ অংশীদাৰ এআইইউডি এফৰ আব্দুল কাদেৰ, চিপি আইৰ মুনীন মহন্ত, চি পি আই এমৰ দেৱেন ভট্টাচাৰ্য, চি পি আই এম এলৰ বিবেক দাসৰ লগতে আন অংশীদাৰ দলৰ নেতৃত্ব উপস্থিত আছিল ।

লগতে পঢ়কঃ বিজনী আঞ্চলিক ছাত্ৰ সংন্থাৰ সংবাদমেল

ABOUT THE AUTHOR

...view details