গুৱাহাটী, 14 আগষ্ট: সদৌ অসম ছাত্ৰ সন্থাই ৰাজহুৱা কৰিলে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ বাবে গঠন কৰা কমিটীৰ প্ৰতিবেদন ৷ প্ৰতিবেদনত উল্লেখিত অসমীয়াৰ ভিত্তিবৰ্ষ ১৯৫১ আৰু ৰক্ষা কৱচকলৈ সম্প্ৰতি চলিছে ব্যাপক চৰ্চা ৷ এই বিষয় সন্দৰ্ভত শুকুৰবাৰে গুৱাহাটীত সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে এখন সংবাদমেল সম্বোধন কৰে ৷ প্ৰতিবেদনত উল্লেখিত ৰক্ষাকৱচৰ ভিত্তিবৰ্ষ সন্দৰ্ভত পুনৰ বিবেচনা কৰাৰ আহ্বান জনায় সংগঠনটোৱে ৷ পৰ্যাপ্ত নথি-পত্ৰৰ বাবে বহু খিলঞ্জীয়া জনগোষ্ঠীয় লোক সমস্যাৰ সন্মুখীন হোৱাৰ আশংকা প্ৰকাশ কৰিছে তেওঁলোকে ৷ সমগ্ৰ বিষয় ভালদৰে বিশ্লেষণ কৰিবলৈ চৰকাৰক আহ্বান জনাই সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ৷
৬ নং দফা কাৰ্যকৰীকৰণৰ প্ৰতিবেদন:গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সংবাদমেল - অসম চুক্তিৰ ৬ নং দফা
শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাই ৰাজহুৱা কৰা অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ বাবে গঠন কৰা কমিটীৰ প্ৰতিবেদনত উল্লেখিত অসমীয়াৰ ভিত্তিবৰ্ষ ১৯৫১ আৰু ৰক্ষাকৱচকলৈ সম্প্ৰতি চলিছে ব্যাপক চৰ্চা ৷ শুকুৰবাৰে এই সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে ৷
আনহাতে অসমৰ খিলঞ্জীয়া জনগোষ্ঠী গৰিয়া, মৰিয়া লোকসকল ইছলাম ধৰ্মৰ হোৱা বাবেই বিভিন্ন সুবিধাৰ পৰা বাদ পৰা বুলি সংবাদমেলযোগে অভিযোগ উত্থাপন কৰে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে ৷ প্ৰতিখন চৰকাৰে অসমৰ এই জনগোষ্ঠী কেইটাক প্ৰতাৰণা কৰি আহিছে বুলিও অভিযোগ কৰে সংগঠনটোৰ কৰ্মকৰ্তা সকলে ৷ ৰাজনৈতিকভাৱেও এই খিলঞ্জীয়া জনগোষ্ঠী কেইটাৰ কোনো অস্তিত্ব নাই বুলিও কয় তেওঁলোকে ৷ শেহতীয়াকৈ বিজেপি চৰকাৰে গৰিয়া, মৰিয়া, দেশীসকলৰ জৰীপ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ বাজেটত ১০০ কোটিৰ এক আৰ্থিক পেকেজ প্ৰদান কৰা হৈছিল ৷ কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল বুলি সংবাদমেলযোগে উল্লেখ কৰে তেওঁলোকে ৷ বিজেপি চৰকাৰে তেওঁলোক প্ৰতিশ্ৰুতি সমূহ পালন নকৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে ৷ উল্লেখ্য যে, অহা ১৯ আগষ্টত ৰাজ্যজুৰি প্ৰতিবাদত বহিব সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ ৷ বিজেপিয়ে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ জৰীপ নকৰাৰ বাবেই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব বুলি সংগঠনটোৱে সংবাদমেলত উল্লেখ কৰে ৷
লগতে পঢ়ক:ধুবুৰীত সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমৰ সংবাদমেল