গুৱাহাটী, ৩ জুলাই:"ৰাজ্যৰ ছয় জনগোষ্ঠী ক্ৰমে টাই আহোম, চুতীয়া, মৰাণ, মটক, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণৰ নামত কেন্দ্ৰীয় চৰকাৰে ভেল্কীবাজী অব্যাহত ৰাখিছে আৰু ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনৰ আগে আগেও বিজেপিয়ে এই ভেল্কীবাজ দেখুৱাব ।" এই তীৰ্যক মন্তব্য ৰাজ্যসভাৰ সাংসদ তথা বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলত ভাগ লৈ সাংসদ ভূঞাই কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে এজন চূড়ান্ত মিথ্যাচাৰী ৰাজনীতিবিদ । ২০১৯ চনৰ ৯ জানুৱাৰীত ৰাজ্যসভাত বিজেপি চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে অসমৰ এই ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়াৰ পক্ষত "সংবিধান (অনুসূচিত জনজাতি) নিৰ্দেশ (সংশোধনী) বিধেয়ক, ২০১৯ " উত্থাপন কৰিছিল । কিন্তু আশ্চৰ্যৰ কথা যে, "CAB" আইনলৈ ৰূপান্তৰিত হ'ল । অথচ ছয় জনগোষ্ঠীৰ বিধেয়কখন আইন নহ'ল । ইতিমধ্যে এইখন বিধেয়ক "লেপচ্" হৈ গল ।
ছয় জনগোষ্ঠীৰ বিধেয়ক সংসদত নানিলে ভয়ংকৰ হ'ব অসমৰ পৰিস্থিতি: অজিত ভূঞা - guwahati press club
সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলত ভাগ লৈ সাংসদ ভূঞাই কয় যে, ছয় জনগোষ্ঠীৰ বিধেয়ক সংসদত নানিলে ভয়ংকৰ হ'ব অসমৰ পৰিস্থিতি ৷
![ছয় জনগোষ্ঠীৰ বিধেয়ক সংসদত নানিলে ভয়ংকৰ হ'ব অসমৰ পৰিস্থিতি: অজিত ভূঞা অজিত ভূঞা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8278946-277-8278946-1596454346804.jpg)
অজিত ভূঞা
ছয় জনগোষ্ঠীৰ বিধেয়ক সংসদত নানিলে ভয়ংকৰ হ'ব অসমৰ পৰিস্থিতি: অজিত ভূঞা
"CAB" আইনলৈ ৰূপান্তৰিত হ'ল, অথচ ছয় জনগোষ্ঠীৰ বিধেয়কখন আইন নহ'ল: অজিত ভূঞা
অসমৰ এই ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়াত বাধা নাই বুলি উল্লেখ কৰিছিল দেশৰ অনুসূচিত জনজাতি আয়োগৰ সহকাৰী সঞ্চালকে: অজিত ভূঞা
অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনত পুণৰ বিজেপিয়ে জনজাতিকৰণৰ লোভ দেখুৱাই গাদী দখলৰ পাং পাতিছে । সাংসদ ভূঞাৰ দাবী- ৰাজ্যসভাৰ আগন্তুক অধিবেশনত এই বিধেয়ক নানিলে ভয়ংকৰ হ'ব অসমৰ পৰিস্থিতি ।
বিধানসভা নিৰ্বাচনত পুণৰ বিজেপিয়ে জনজাতিকৰণৰ লোভ দেখুৱাই গাদী দখলৰ পাং পাতিছে: অজিত ভূঞা