অসম

assam

ETV Bharat / state

গুৱাহাটীত অসম চিনেমা হল সন্থাৰ সংবাদমেল - কেন্দ্ৰীয় চৰকাৰ

গুৱাহাটীত চিনেমা হল কৰ্তৃপক্ষৰ সংবাদমেল ৷ সংবাদমেলত চিনেমা হলৰ দুৰবস্থাৰ কথা উল্লেখ কৰিলে সন্থাই ৷ চৰকাৰক সহায় কৰিবলৈ আহ্বান চিনেমা হল সন্থাৰ ৷

press-meet-assam-cinema-hall-association-in-ghy
গুৱাহাটীত অসম চিনেমা হল সন্থাৰ সংবাদমেল

By

Published : Dec 25, 2020, 4:57 PM IST

গুৱাহাটী, 25 ডিচেম্বৰ : দুৰ্ভাগ্যজনকভাৱে গুৱাহাটীৰ লগতে ৰাজ্যৰ অন্য প্ৰান্ততো এটাৰ পিচত আন এটাকৈ বন্ধ হ’ব ধৰিছে চিনেমা হ'ল ৷ অসমত 12 টা চিনেমা হলৰ অৱস্থা শোচনীয় ৷ চলচিত্ৰ গৃহ সমূহ বন্ধ হ’বলৈ দি অসমীয়া পৰিয়াল কেইটাৰ পেট নামাৰিব ৷ এই আহ্বান অসম চলচ্চিত্ৰ গৃহ সন্থাৰ ৷ শুকুৰবাৰে গুৱাহাটীৰ হোটেল চিগনেট ইন ৰিপোজত অনুষ্ঠিত এক সংবাদমেলত এইদৰে আক্ষেপ প্ৰকাশ কৰিলে অসম চিনেমা হল সন্থাই ৷

চিনেমা হল কৰ্তৃপক্ষৰ মন্তব্য

তেওঁলোকৰ অভিযোগ অনুসৰি, অসমৰ চিনেমা হল সমূহৰ অৱস্থা অত্যন্ত বেয়া ৷ কৰ'ণাৰ সময়ছোৱাত দেশৰ ভিতৰত হল কৰ্তৃপক্ষই সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে ৷ বিগত প্ৰায় 10 মাহে চিনেমা হল বন্ধ হৈ আছে ৷ কৰ্মচাৰীসকলক আমি চলাব নোৱাৰা হৈছো ৷ যাৰবাবে চলচিত্ৰ উদ্যোগটোক ৰক্ষণাবেক্ষণ দিবলৈ চৰকাৰক আহ্বান জনাইছে চিনেমা হল সন্থাই ৷

লগতে পঢ়ক :বৰদিন উপলক্ষে মিজোৰামৰ ৰাজ্যপালৰ শুভেচ্ছা বাৰ্তা

উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ এক নিৰ্দেশনা অনুসৰি সীমিত সংখ্যক দৰ্শকৰে চিনেমা গৃহ সমূহ মুকলি কৰাৰ নিৰ্দেশ জাৰি কৰিছিল যদিও দৰ্শকৰ অভাৱত সেয়াও সম্ভৱ হৈ নুঠিল ৷ যাৰবাবে চৰম হতাশাত ভুগিছে চিনেমা হল কৰ্তৃপক্ষই ৷

আনহাতে, এই সংকটৰ সময়তো চিনেমা হল সমূহৰ ওপৰত আহি পৰিছে এপিডিচিএলৰ কঠোৰ নিৰ্দেশনা ৷ হল সমূহৰ ওপৰত ধাৰ্য থকা নিৰ্দিষ্ট বিদ্যুতৰ বিল পৰিশোধ নকৰিলে হল সমূহত থকা বিদ্যুৎ সেৱা কৰ্তন কৰাৰ হুংকাৰ প্ৰদান কৰিছে এপিডিচিএল কৰ্তৃপক্ষই ৷

লগতে পঢ়ক :বগীবিলত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে অত্যাধুনিক জাহাজ ব্ৰহ্মপুত্ৰৰ মুকুতা

ABOUT THE AUTHOR

...view details