অসম

assam

New Bollywood Movie Pathan : অসমত এতিয়ালৈকে ৪০-৪৩ লাখ টকাৰ টিকট বিক্ৰী "পাঠান"ৰ

By

Published : Jan 22, 2023, 7:38 PM IST

পাঠান ছবিক কেন্দ্ৰ কৰি ৰাজ্যত বিক্ষিপ্ত ঘটনাৰ পিছতো ছবিখনৰ টিকট বিক্ৰীৰ ট্রেণ্ড বাঢ়িছে । সমগ্ৰ অসমত এতিয়ালৈ প্ৰায় ৪০-৪৩ লাখ টকাৰ পাঠান ছবিৰ টিকট বিক্ৰী হৈছে(Advance tickets for Pathan film in Assam) । ইফালে শুকুৰবাৰে নাৰেংগীৰ গোল্ড চিনেমা হলত চলা উদ্ভণ্ডালিৰ বাবে ছবিখন মুক্তি পোৱাৰ পাচত হল কৰ্তৃপক্ষ অধিক সষ্টম হৈ থাকিব । সংবাদমেলযোগে সদৰী কৰা হয় এই কথা ।

Press conference on Pathan film controversy
পাঠানক লৈ সদৌ অসম ছবি গৃহ মালিক সন্থাৰ সংবাদমেল

পাঠানক লৈ সদৌ অসম ছবি গৃহ মালিক সন্থাৰ সংবাদমেল

গুৱাহাটী,২২ জানুৱাৰী: পাঠান ছবিক কেন্দ্ৰ কৰি দেশৰ অন্য প্ৰান্তৰ লগতে সমগ্ৰ ৰাজ্যতো বিতৰ্ক-প্ৰতিবাদৰ সৃষ্টি হৈছে(Pathan controversy news) । ২৫ জানুৱাৰীত মুক্তি পাবলগীয়া শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত ছবি ''পাঠান''ক লৈ উগ্ৰ হিন্দুত্ববাদী সংগঠনে দেশজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থকাৰ মাজতে শুকুৰবাৰে গুৱাহাটীৰ নাৰেংগীতো বজৰং দলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ(Bajrang Dal Protest Against Pathaan) ।

নাৰেংগীৰ এল জি টাৱাৰৰ ডিজিটেল চিনেমাগৃহৰ সন্মুখত বজৰং দলে পাঠানৰ পোষ্টাৰ ফালি জুইত জাপি দিছিল(Bajrang Dal members burnt Pathan poster) । শ্বাহৰুখ খানক সন্ত্ৰাসবাদী বুলি অভিহিত কৰিছিল বজৰং দলে । সেই বিষয়ক কেন্দ্ৰ কৰি দেওবাৰে সদৌ অসম ছবি গৃহ মালিক সন্থাই সম্বোধন কৰে এখনি সংবাদমেলৰ(Press conference on Pathan film controversy) । সংবাদমেলত সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ বৰাই কয় যে চিনেমা বন্ধ কৰিব লাগিলে ডিষ্ট্ৰিবিউটৰলৈ গৈ কথা পাতক ।

ৰাইজক চিনেমাখন চাবলৈ বাধা দিয়ক হললৈ আহি উদ্ভণ্ডালি কৰিব নালাগে । এইধৰণে চলি থাকিলে অসমত লাহে লাহে সকলো চিনেমা হল বন্ধ হৈ পৰিব । হলৰ মালিকে বহুত কষ্ট কৰি নিজৰ পকেটৰ ধনেৰে কৰ্মচাৰীক দৰ্মহা দি হল চলাই আছে । আজি যদি ভয় খাই এই চিনেমাখন নচলাই তেন্তে ভৱিষ্যতে একেজন ডিষ্ট্ৰিবিউটৰৰ পৰৱৰ্তী ছবিখনো হলে নাপাব । ডিষ্ট্ৰিবিউটৰসকল কলকাতাত বহি থাকে । গতিকে তেওঁলোকক কোনেও ঢুকি নাপায় ।

লগতে তেওঁ কয় যে, তেওঁলোকে ব্যৱসায় কৰিছে । চিনেমা হলৰ মালিক পক্ষৰ বহুত ঋণ আছে । যদি এইদৰে চলি থাকে তেন্তে তেওঁলোকে কি কৰিব বুলি আক্ষেপ প্ৰকাশ কৰে । তেওঁ কয় যে এই অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ পিছত বহু হলৰ মালিকে উপায়বিহীন হৈ ছবিখনৰ পোষ্টাৰসমূহ আঁতৰাবলৈ বাধ্য হ'ল । লগতে তেওঁ উল্লেখ কৰে যে এতিয়াৰে পৰা হলৰ কৰ্তৃপক্ষ সম্পূৰ্ণৰূপে এলাৰ্ট থাকিব । নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰৰ আৰক্ষী প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশাবাদী সদৌ অসম ছবি গৃহ মালিক সন্থা ।

উল্লেখ্য যে, শুক্ৰবাৰে ১৫/২০ জনীয়া এটা দলে উদ্ভণ্ডালি চলাইছিল নাৰেংগীৰ গোল্ড চিনেমা হলত । ইফালে এই বিক্ষিপ্ত ঘটনাৰ পিছতো ছবিখনৰ টিকট বিক্ৰীৰ ট্রেণ্ড বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । সমগ্ৰ অসমত এতিয়ালৈ প্ৰায় ৪০-৪৩ লাখ টকাৰ টিকট বিক্ৰী হৈছে বুলি জনাই সংবাদমেলত(Advance tickets for Pathan film in Assam) । ইতিমধ্যে ৩ দিনৰ বাবে টিকট বুকিং হৈছে বুলিও সংবাদমেলযোগে জানিবলৈ দিয়ে ৰাজীৱ বৰাই । সমগ্ৰ বিষয় সন্দৰ্ভত সোমবাৰে সাংস্কৃতিক মন্ত্ৰীৰ লগত আলোচনাত বহিব হল কৰ্তৃপক্ষ । আনহাতে শ্বাহৰুখ খানেও ফোন কৰি সদৌ অসম ছবিগৃহ মালিক সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ বৰাৰ পৰা শুক্ৰবাৰে সংঘটিত হোৱা পৰিস্থিতিৰ বুজ লয় বুলিও সংবাদমেলত উল্লেখ কৰে ।

লগতে পঢ়ক:NRC base year in Assam: নাগৰিকত্বৰ ভিত্তিবৰ্ষক লৈ বিপৰীত স্থিতি কিয় মুখ্যমন্ত্ৰীৰ: উপমন্যু হাজৰিকা

ABOUT THE AUTHOR

...view details