অসম

assam

ETV Bharat / state

উদ্যোগ খণ্ডত দেশৰ ভিতৰত অন্তিম স্থানত অসম

ঔদ্যোগিক বিনিয়োগৰ ক্ষেত্ৰত আটাইতকৈ শেষতহে স্থান পাইছে অসমে ৷ বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ শৰ্মাই কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদনক লৈ ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠে ।

press conference of pradesh congress on  industrialization
উদ্যোগ খণ্ডত দেশৰ ভিতৰত অন্তিম স্থানত অসম

By

Published : Nov 10, 2021, 10:20 PM IST

গুৱাহাটী, ১০ নৱেম্বৰ :ঔদ্যোগিক বিনিয়োগৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰতে অসমৰ স্থান শেষত । অৰ্থাৎ তালিকাৰ আটাইতকৈ শেষতহে স্থান পাইছে অসমে । তেন্তে বিগত প্ৰায় চাৰে পাঁচ বছৰীয়া শাসনকালত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে অসমলৈ যি উন্নয়নৰ গংগা নমাই অনাৰ কথা কৈ আহিছিল, এয়াই নেকি সেই উন্নয়নৰ গংগা ? এই প্ৰশ্ন কংগ্ৰেছৰ ।

বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ শৰ্মাই কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা শেহতীয়া এই প্ৰতিবেদনক লৈ ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠে । তেওঁ কয় যে, এই প্ৰতিবেদন কোনো বে-চৰকাৰী সংস্থাই প্ৰকাশ কৰা নাই । কৰিছে স্বয়ং কেন্দ্ৰীয় চৰকাৰে । বিগত সময়ত বিজেপি চৰকাৰখনে কোটি কোটি ‌টকা খৰচ কৰি এডভান্টেজ অসম পাতিলে ।

উদ্যোগ খণ্ডত দেশৰ ভিতৰত অন্তিম স্থানত অসম

আম্বানীকে আদি কৰি বহু উদ্যোগপতিক অসমলৈ আনি চমক দিলে । কিন্তু বিনিয়োগ কত ? চৰকাৰে ঘোষণা কৰিছিল যে এডভান্টেজ অসমৰ পিছত অসমত এক লাখ কোটি টকাৰ বোলে বিনিয়োগ হৈছে । তেন্তে কেন্দ্ৰীয় চৰকাৰৰ এই তালিকাত অসম আটাইতকৈ শেষত থাকিল কেনেকৈ ?

মুখপাত্ৰ গৰাকীয়ে আৰু কয় যে, সন্ত্ৰাসে জৰ্জৰিত কৰি ৰখা কাশ্মীৰৰ স্থানেই তালিকাখনত অসমতকৈ ওপৰত আছে । এইদৰে অসমক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ পাঁচ খন ৰাজ্যৰ ভিতৰলৈ নিয়াটো দূৰৰেই কথা, শীৰ্ষৰ পোন্ধৰ খন ৰাজ্যৰ ভিতৰলৈকো এই চৰকাৰে নিব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক:ৰঙিয়াত দ্ৰুত হাৰত ক'ভিড-১৯ ৰ সংক্ৰমণ

ABOUT THE AUTHOR

...view details