অসম

assam

ETV Bharat / state

মন্ত্রীসকলে বিলাসীতাৰ নামত খৰচ কৰিছে ৰাজকোষৰ ধন : গৌৰৱ গগৈ - সাংসদ গৌৰৱ গগৈ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আৰ এছ এছৰ নিৰ্দেশত শাসন চলাই আছে। মঙলবাৰে সংবাদমেল সম্বোধন কৰি শাসকগোষ্ঠীক তীব্ৰ সমালোচনাৰ কৰিলে সাংসদ গৌৰৱ গগৈয়ে ৷

press conference of gaurav gogoi in guwahati
মন্ত্রীসকলে বিলাসীতাৰ নামত খৰচ কৰিছে ৰাজকোষৰ ধন

By

Published : Jul 13, 2021, 7:11 PM IST

গুৱাহাটী, 13 জুলাই : 'ক'ভিডৰ ভয়াৱহ পৰিস্থিতিত সাধাৰণ জনতাক সকাহ দিয়াৰ বিপৰীতে নতুন চৰকাৰখনৰ মন্ত্রীসকলে দিছপুৰৰ নিজৰ চৰকাৰী আৱাস সজোৱাত গুৰুত্ব দিছে। ইয়াৰ বাবদ কোটি কোটি টকা খৰচ কৰা হৈছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আৰ এছ এছৰ নিৰ্দেশত শাসন চলাই আছে। চৰকাৰখনে নিজৰ বিফলতা ঢাকিবলৈ নাটক কৰি আছে ৷'

এই দৰে শাসকীয় দল বিজেপিক তীব্ৰ সমালোচনাৰ লক্ষ্য কৰি ল'লে সাংসদ গৌৰৱ গগৈয়ে ৷ ক'ৰণাকালীন পৰিস্থিতিৰ বাবে সংকটত পৰা ৰাজ্যবাসীক সকাহ দিয়াৰ পৰিবৰ্তে নতুন চৰকাৰখনে মন্ত্রীসকলৰ বিলাসীতাৰ বাবে ৰাজকোষৰ ধন ব্যয় কৰি আছে। এই অভিযোগ সাংসদ তথা কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈৰ ।

মঙলবাৰে দিছপুৰৰ চৰকাৰী আৱাসত আয়োজন কৰা এখন সংবাদমেলত সাংসদ গৌৰৱ গগৈয়ে কয়, এফালে ক'ৰণাৰ ভয়াৱহ পৰিস্থিতি আৰু আনফালে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি । এনে পৰিস্থিতিত সাধাৰণ জনতা দিশাহাৰা হৈ পৰিছে । ঋণ পৰিশোধ কৰিব নোৱাৰি বহু লোকে নিজৰ বৃক্ক বিক্ৰী কৰিবলগীয়া হৈছে বুলি অভিযোগ উত্থাপন কৰে সাংসদ গৰাকীয়ে ৷

মন্ত্রীসকলে বিলাসীতাৰ নামত খৰচ কৰিছে ৰাজকোষৰ ধন

সাংসদ গৌৰৱ গগৈয়ে লগতে কয়, ৩.৬ কোটি টকা ব্যয় সাপেক্ষে মন্ত্রীসকলৰ বাবে একো একোটা বাসগৃহ নিৰ্মাণ কৰা হৈছিল । বিগত পাঁচ বছৰ থকাৰ প‍াছত এতিয়া এই নতুন ঘৰসমূহ পুনৰ বিভিন্ন সা-সুবিধা তথা নতুন ৰূপ দিয়াৰ নামত পুঁজিৰ অপব্যৱহাৰ কৰা হৈছে । সাধাৰণ কামৰ বাবে লাখ লাখ টকাৰ বাজেট ধাৰ্য কৰা হৈছে।

'লোক নিৰ্মাণ বিভাগে বাজেট নিৰ্ধাৰণ কৰি কাম চলাই আছে । এই গোটেই বিষয়টোৰ তদন্ত হ'ব লাগে । ইমান টকা খৰচ কৰাৰ কি প্ৰয়োজন আছে ? অসমৰ ৰাইজক ইয়াৰ উত্তৰ দিয়ক।' সাংবাদ মাধ্যমক সম্বোধন কৰি এই দৰে মন্তব্য প্ৰকাশ কৰে গৌৰৱ গগৈয়ে ৷

আনহাতে গো সুৰক্ষা আইনৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ গৌৰৱ গগৈয়ে কয়, গো সুৰক্ষাৰ আইন ১৯৫০ চনতেই কৰা হৈছিল । সেই আইনখন কাৰ্যকৰী কৰাৰ পৰিবৰ্তে নতুন আইনৰ নামত চৰকাৰখনে নাটক কৰিছে । গৰু ছিণ্ডিকেট বন্ধ কৰাৰ ক্ষেত্রত কোনো উদ্যোগ গ্ৰহণ নকৰা চৰকাৰখনে আইনৰ নামত ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে।

এই আইনখন উত্তৰ প্ৰদেশৰ পৰা 'Copy paste' কৰিছে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আৰএছএছৰ নিৰ্দেশত শাসন চলাই আছে । চৰকাৰখনে ৰাইজৰ অভাৱ-অভিযোগক গুৰুত্ব দিয়াৰ বিপৰীতে চৰকাৰখন গো সুৰক্ষাক লৈ ব্যস্ত হৈ পৰিছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গৌৰৱ গগৈয়ে ।

বিধায়কৰ ক্ষমতাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কৰা মন্তব্যৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ গগৈয়ে কয়, চৰকাৰী বিষয়াই বিধায়কৰ কথা শুনিব নালাগে বুলি মুখ্যমন্ত্রীয়ে কৈছে । কিন্তু বিষয়াই বিধায়কৰ কথা নুশুনিলে আইনৰ সন্মুখীন হ'ব লগা পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে । তেনে পৰিস্থিতিৰ সৃষ্টি হ'লে বিষয়াজনৰ দায়িত্ব কোনে ল'ব ? মুখ্যমন্ত্ৰীয়ে কোৱা কথাবোৰ লিখিত আকাৰত প্ৰকাশ কৰিবলৈ আহ্বান জনাই গৌৰৱ গগৈয়ে ৷

লগতে পঢ়ক: যুৱতী-বোৱাৰীক অশ্লীল মেছেজ দি লক্ আপত সোমাল যুৱক

ABOUT THE AUTHOR

...view details