গুৱাহাটী, ১৩ আগষ্ট : নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাক লৈ তীব্র বিষোদগাৰ প্ৰকাশ কৰাৰ লগতে প্ৰতিক্রিয়া ব্যক্ত কৰিছে সদৌ তিৱা ছাত্ৰ সন্থাই ৷ দেওবাৰে দিছপুৰ প্ৰেছ ক্লাৱত সন্থাৰ সভাপতি চেনিৰাম মালাং আৰু সাধাৰণ সম্পাদক বিমান প্ৰতীম মছৰেঙে এখন সংবাদমেল সম্বোধন কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷
সংবাদমেলত সভাপতি চেনিৰাম মালাঙে কয় যে ভাৰতীয় সংবিধানৰ গণ্ডীৰ ভিতৰত সাংবিধানিক অধিকাৰ তথা ষষ্ঠ অনুসূচীভূক্ত স্বায়ত্ত শাসন বিচাৰি মূল লক্ষ্য বা মন্ত্ৰ হিচাপে লৈ প্ৰতিষ্ঠা লাভ কৰা সন্থাই মধ্য অসমত এক আমূল পৰিবৰ্তন বিচাৰে ৷ মধ্য অসমত এক স্থায়ী প্রশাসনিক ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে বিগত তিনিটা দশক অতিক্ৰম কৰি জনতাৰ মাজত নৱজাগৰণৰ জড়িয়তে এক গণতান্ত্রিক সংগ্রাম অব্যাহত ৰাখিছে ৷ তেওঁ কয় যে সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়াত মধ্য অসমৰ তিৱা সকলক সংৰক্ষণ নকৰি ৰাজনৈতিক ভাৱে পংগু কৰি দিছে ৷ এই কথা মধ্য অসমৰ তিৱা ৰাইজে কোনো পধ্যেই মানি নলয় ৷
তেওঁ কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে অসমৰ সকলো ভূমি পুত্র জনজাতি সকলে ৰাজনৈতিক ভাৱে সুৰক্ষিত হ'ল ৷ কিন্তু মধ্য অসমত বসবাস কৰা তিৱা সকল ৰাজনৈতিক ভাৱে সুৰক্ষিত নহ'ল বুলি তেওঁ অভিযোগ কৰে ৷ তেওঁ লগতে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ নামতহে নির্বাচন আয়োগে কৰিছে ৷ প্ৰকৃততে মুখ্যমন্ত্রীৰ নিৰ্দেশত মন্ত্রী পীযুষ হাজৰীকা, জয়ন্ত মল্ল বৰুৱা আৰু অশোক সিংহালৰ বাহিৰে বেলেগে এই কাম কৰা নাই ৷