অসম

assam

ETV Bharat / state

INDIA Row : ছোনিয়া গান্ধীৰ নেতৃত্বত থকা দলটোৱে ভাৰতীয় পৰম্পৰাক নোপোৱাত আচৰিত হ’ব লগা একো নাই; ৰাজ্যিক বিজেপি - ৰাজ্যিক বিজেপি

ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে দলৰ মুখপাত্ৰদ্বয় কিশোৰ উপাধ্যায় আৰু পংকজ বৰবৰাই ৷ সংবিধানত স্পষ্টকৈ ৰাষ্ট্ৰৰ নাম "ইণ্ডিয়া যি ভাৰত" থকাৰ পিছতো বিটিছ সাম্ৰাজ্যবাদী মানসিকতাক কংগ্ৰেছৰ নেতৃত্বৰ দলবোৰে আগস্থান দিয়াটো স্বাভাবিক বুলি মন্তব্য কৰে নেতা দুজনে ৷

Press Conference of Assam State BJP Spokespersons
ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 9:09 PM IST

ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত সংবাদমেল

গুৱাহাটী, 6 ছেপ্টেম্বৰ : জি-20 ৰাষ্ট্ৰ প্ৰধান সকলৰ নিমন্ত্ৰণী পত্ৰত ৰাষ্ট্ৰপতি আৰু প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত শব্দ ব্যৱহাৰক কেন্দ্ৰ কৰি বৰ্তমান গৰম হৈছে দেশৰ ৰাজনীতি ৷ বিৰোধীয়ে এই বিষয়ত সমালোচনা কৰাৰ পিছতে মন্তব্য আগবঢ়াইছে শাসকীয় দল বিজেপিয়ে ৷ বিৰোধী পক্ষই কৰা সমালোচনাক বৌদ্ধিক দৈন্যতা আৰু নিজৰ পুৰাতন সভ্যতা-সংস্কৃতিৰ প্ৰতি অশ্ৰদ্ধাশীল বুলি ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশে অভিহিত কৰিছে ৷

বুধবাৰে ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰে দলৰ মুখপাত্ৰদ্বয় কিশোৰ উপাধ্যায় আৰু পংকজ বৰবৰাই ৷ নেতা দুজনে কয় যে, নিজৰ ৰাষ্ট্ৰৰ ইতিহাস ভালদৰে অধ্যয়ন নকৰাকৈ এলেন অক্টোভিয়ান হিউম নামৰ ইংৰাজৰ দ্বাৰা প্ৰতিষ্ঠিত তথা বর্তমানেও বিদেশত জন্ম গ্ৰহণ কৰা সকলৰ দ্বাৰা আশ্ৰিত কংগ্ৰেছ দলে ভাৰতৰ নামত গৌৰৱবোধ নকৰাটোৱেই স্বাভাৱিক ৷ সংবিধানত স্পষ্টকৈ ৰাষ্ট্ৰৰ নাম "ইণ্ডিয়া যি ভাৰত" উল্লেখ থকাৰ পিছতো বিটিছ সাম্ৰাজ্যবাদী মানসিকতাক কংগ্ৰেছৰ নেতৃত্বৰ দলবোৰে আগস্থান দিয়াটো স্বাভাবিক বুলি মন্তব্য কৰে নেতা দুজনে ৷

তেওঁলোকে কয় যে, 2020 চনত উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ কৈছে যে ইণ্ডিয়া মানে ভাৰত বা ভাৰত মানে ইণ্ডিয়া বুলি কোৱাৰ পিছত ভাৰত নামৰ ক্ষেত্ৰত এনে বিতৰ্ক ভাৰতীয় সকলৰ বাবে কেতিয়াও কাম্য হ'ব নোৱাৰে ৷ সংবিধানত স্পষ্টকৈ ভাৰতৰ সংবিধান বুলি উল্লেখ আছে ৷ লগতে মুখপাত্ৰদ্বয়ে কয় যে প্ৰস্তাৱনাত আমি ভাৰতৰ মানুহ বুলি উল্লেখ থকাৰ উপৰিও ভাৰতক এক সম্পূর্ণ প্ৰভুত্ব সম্পন্ন সমাজবাদী নিৰপেক্ষ লোকতান্ত্ৰিক গণৰাজ্য বনাবলৈ তথা ইয়াৰ সমগ্ৰ নাগৰিকক ভাৰতীয় বুলি উল্লেখ আছে ৷ ভাৰতবৰ্ষৰ প্ৰতিটো ভাষাতে ইণ্ডিয়াৰ সলনি আমাৰ দেশক ভাৰত বুলি কোৱা হয় ৷ গতিকে কেৱল ইংৰাজে বা ইংৰাজীতহে ইণ্ডিয়া বুলি কোৱা হয় ৷ গতিকে এনে ক্ষেত্ৰত ইণ্ডিয়াৰ সলনি সংবিধান প্ৰদত্ত দেশৰ নাম ভাৰত বুলি কোৱাত কোনো বিতর্ক হ'ব নালাগে বুলি কয় তেওঁলোকে ৷

কংগ্ৰেছৰ হাতত বৰ্তামান একো ইচ্ছ্যু নাই, সেয়েহে কংগ্ৰেছে ইচ্ছ্যুৰ বাবে এইধৰণৰ কথা বতৰা কৈ আছে বুলি কয় নেতা দুজনে ৷ তেওঁলোকে কয় যে, ৰাষ্ট্ৰীয় সংগীতত ক’তো ইণ্ডিয়া ভাগ্য বিধাতা বুলি কোৱা নাই ৷ তাত ভাৰত ভাগ্য বিধাতা বুলি কৈছে ৷ ভাৰতৰ পাছপৰ্টত চালেও তাত ইণ্ডিয়ান গণৰাজ্য বা ইণ্ডিয়ান ডেম’ক্ৰেচি বুলি লিখা নাই ৷ তাত ভাৰত গণৰাজ্য বুলি লিখা আছে ৷ গতিকে এলেন অক্টোভিয়ান হিউমৰ পৰা আৰম্ভ কৰি ছোনিয়া গান্ধীৰ নেতৃত্বত থকা দলটোৱে ভাৰতীয় চিন্তা-চৰ্চা, ভাৰতীয় পৰম্পৰাক যে ভাল নাপায় তাত আমি আচৰিত হ’ব লগা একো নাই বুলি মন্তব্য কৰে বিজেপি নেতা দুজনে ৷

লগতে পঢ়ক :INDIA Row: INDIA বুলি কোৱাৰ পূৰ্বে ‘ভাৰত’ বুলি কম, ইয়াত বিতৰ্ক নাই; হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details