অসম

assam

ETV Bharat / state

Press Conference of Sahitya Sabha: অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ প্ৰস্তুতি তুংগত - Assam Sahitya Sabha conference at Narayanpur

অহা 31 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশন । এই অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত দেওবাৰে অসম সাহিত্য সভাৰ কাৰ্যালয়ত আয়োজন কৰা হয় এক সংবাদমেল (Assam Sahitya Sabha)।

Press Meet of Assam Sahitya Sabha
অসম সাহিত্য সভাৰ সংবাদমেল

By

Published : Jan 29, 2023, 4:55 PM IST

অসম সাহিত্য সভাৰ সংবাদমেল

গুৱাহাটী, ২৯ জানুৱাৰী:অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনলৈ মাজত মাথো এদিন । অহা 31 জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰ খামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনখনি (Assam Sahitya Sabha conference at Narayanpur)। ইয়াৰ বাবে প্ৰস্তুতি তুংগত । ইতিমধ্য়ে প্ৰতিনিধি শিবিৰৰ লগতে স্মৃতিগ্ৰন্থৰ কামো সম্পূৰ্ণ হৈছে । দেওবাৰে গুৱাহাটীস্থিত অসম সাহিত্য সভাৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এই প্ৰস্তুতি সন্দৰ্ভত ব্য়াখ্য়া কৰে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই ।

সংবাদমেলত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই কয় যে অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুবাৰীলৈ পাঁচদিনীয়া বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হৈছে এই অধিৱেনশনি (Press Meet of Assam Sahitya Sabha) । লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰ (বৰখামতি পথাৰ) ৩১ জানুৱাৰীত নামঘৰ উদ্বোধনৰ লগতে বন্তি প্ৰজ্বলন আৰু নামপ্ৰসংগ অনুষ্ঠিত হ'ব । তাৰ পিছতে মেডাম-মে-ফি অনুষ্ঠানৰ আয়োজন কৰা হৈছে । আনহাতে, মুখ্য আদৰণি দ্বাৰ উদঘাটন কৰাৰ পিছতে গ্ৰন্থমেলা ,বাণিজ্য মেলা ,প্ৰদৰ্শনী, বিজ্ঞান মেলা, শিল্পকলা আৰু প্ৰদৰ্শনীৰ তোৰণ উদঘাটন কৰা হ'ব ।

তদুপৰি প্ৰতিনিধি শিৱিৰ মুকলি ,কথা -সাহিত্য সন্মিলন আৰু ড৹ভূপেন হাজৰিকা সোঁৱৰণী উত্তৰ -পূৱ কৃষ্টি প্ৰদৰ্শন আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি কয় সভাপতি কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই । আনহাতে, পহিলা ফেব্ৰুৱাৰীত অসম সাহিত্য সভাৰ পতাকা উত্তোলন, মূল মণ্ডপ আৰু গ্ৰন্থ উন্মোচনৰ পিছতেই বিজ্ঞান সাহিত্য সন্মিলন,কবি সন্মিলন,প্ৰতিনিধি সভা, কুঁহি অনুষ্ঠান,ডিজিটেল সাহিত্য সন্মিলনকে ধৰি কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হ'ব ।

একেদৰে দুই ফেব্ৰুবাৰীত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব । তেওঁলোকে পুনৰ কয় যে অহা ৩ ফেব্ৰুবাৰীৰ মুকলি অধিৱেশত মুখ্য অতিথি হিচাপে মাৰাঠী সাহিত্যিক চাৰণ কুমাৰ লিম্বালে অংশগ্ৰহণ কৰিব । সেইদিনাই নৱ-নিৰ্বাচিত সভাপতি সূৰ্য্য় হাজৰিকাক দায়িত্বভাৰ অৰ্পন কৰা হ'ব । তদুপৰি এইবাৰ অধিৱেশনত কেইবাটাও নতুন কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে বুলি কয় সভাপতি কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই । ডিজিটেল সাহিত্য সন্মিলন আৰু বু্ৰঞ্জী সন্মিলন নতুনকৈ কাৰ্যসূচীত অন্তভূৰ্ক্ত কৰা হৈছে । এইবাৰ দুই হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব । এই অধিৱেশনত সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে সাহিত্য সভাই ।

লগতে পঢ়ক:Assam Sahitya Sabha conference: তুংগত অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনৰ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details