অসম

assam

ETV Bharat / state

একেখন সংবাদমেলত অতুল, প্ৰমোদ, ৰঞ্জিত : কি ক'লে সমষ্টিৰ প্ৰাৰ্থীত্বৰ সন্দৰ্ভত ? - সংবাদমেল

বিজেপি-অগপ-ইউ পি পি এলৰ নেতৃত্বৰ সংবাদমেল সম্বোধন। সংবাদমেল সম্বোধন কৰে ৰঞ্জিত দাস, অতুল বৰা আৰু প্রমোদ বড়োয়ে। তিনিগৰাকী সভাপতিয়ে স্বীকাৰ কৰে প্ৰাৰ্থীত্ব নোপোৱাকলৈ দলৰ মাজত থকা অসন্তুষ্টিৰ কথা।

একেখন সংবাদমেলত অতুল, প্ৰমোদ, ৰঞ্জিত : কি ক'লে সমষ্টিৰ প্ৰাৰ্থীত্বৰ ক্ষেত্ৰত ?
একেখন সংবাদমেলত অতুল, প্ৰমোদ, ৰঞ্জিত : কি ক'লে সমষ্টিৰ প্ৰাৰ্থীত্বৰ ক্ষেত্ৰত ?

By

Published : Mar 7, 2021, 5:22 PM IST

গুৱাহাটী, ০৭ মাৰ্চঃ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰথমবাৰৰ বাবে বিজেপি, অগপ আৰু ইউ পি পি এলৰ নেতৃত্বই যৌথভাৱে সংবাদমেল সম্বোধন কৰে। ৰাজ্যিক বিজেপিৰ খানাপাৰাস্থিত নিৰ্বাচনী সংবাদকোষৰ কাৰ্যালয়ত দেওবাৰে আয়োজন কৰা সংবাদমেলত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, অগপৰ সভাপতি অতুল বৰা আৰু ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো।

সংবাদমেলত বিজেপিৰ কৰ্মকৰ্তাসকললৈ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে আহ্বান জনাই কয়-'অগপক এৰি দিয়া ২৬টা সমষ্টিত আমাৰ কৰ্মকৰ্তাসকলে অগপক সহায় কৰিব লাগিব। ইউ পি পি এলক এৰি দিয়া ৮ খন আসনৰ ক্ষেত্রটো সহায় কৰিব লাগিব। দলীয় কৰ্মীসকলে নিজৰ দলৰ প্রাৰ্থী বিচাৰে যদিও মিত্রতাত বহু এৰা ধৰা কৰিবলগীয়া হয়। ৰাজ্যৰ স্বাৰ্থত এনেধৰণে আগবাঢ়িবলগীয়া হৈছে। টিকট দিয়া-নিদিয়া সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰা হৈছিল বুলিও মন্তব্য প্ৰকাশ কৰে বিজেপিৰ সভাপতি দাসে ।'

সংবাদমেলত অগপ সভাপতি অতুল বৰাই কয়-' বিগত নিৰ্বাচনত আমি ২৪ খন আসনৰ ৪ খনত বন্ধুত্বপূৰ্ণভাৱে খেলিছিলো।২০১৬ত ১৪খন আসনত জয়ী হৈছিলো ৷ প্ৰাৰ্থীত্ব নোপোৱাকলৈ দলত ক্ষোভ হোৱাটো স্বাভাৱিক। দলৰ নিষ্ঠাবান কৰ্মীয়ে টিকট নাপালে অসন্তুষ্টি হ'বই। আমি আলোচনাৰ মাজেৰে সকলো সমাধান কৰিম। কংগ্রেছৰ অপশাসনৰ পৰিৱৰ্তে আমাৰ মিত্রদলে সুশাসনেৰে ৰাজ্যৰ শাসন ভাৰ চলাইনিছিল বুলি মন্তব্য প্ৰকাশ কৰে অতুল বৰাই ।

সংবাদমেলত ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে কয় -' ইউ পি পি এল এটা আঞ্চলিক মনোভাৱৰ দল। বি টি আৰৰ সমস্যা সমাধানৰ বাবে আমি ৰাষ্ট্রীয় দলৰ লগ হৈছো। বড়ো ভূমি বহু অশান্তিৰ মাজত আছিল। এতিয়া লাহে লাহে শান্তি ঘূৰি আহিছে। এন ডি এ চৰকাৰৰ দিনত বড়ো চুক্তি হ’ল। চুক্তি অনুসৰি বিটিচি প্রশাসনক কেন্দ্রৰ পৰা আৰ্থিক পেকেজ দিয়া হৈছে। বিটিচিৰ পূৰ্বৰ চৰকাৰৰ দিনত ২,৩০০ কোটী টকাৰ কেলেংকাৰী সংঘটিত হ'ল। পূৰ্বতে দুৰ্নীতি-ভ্ৰষ্টাচাৰ আছিল। হিংসা আছিল। এতিয়া পৰিবেশ ভাল হৈছে বুলি মত প্ৰকাশ কৰে ইউপিপিএলৰ সভাপতিগৰাকীয়ে ।' উল্লেখ যে মিত্রদলৰ মাজত আসন বুজাবুজি হ'ল যদিও অগপ আৰু ইউ পি পি এল দলে এতিয়াও প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা নাই।

লগতে পঢ়ক: উন্নয়নৰ মুখ নেদেখিলে টিফুক চাহ বাগিচাবাসীয়ে

ABOUT THE AUTHOR

...view details