গুৱাহাটী, ১৮ জুলাই :দেশৰ পৰৱৰ্তী ৰাষ্ট্রপতি নির্বাচনৰ বাবে ভোটগ্ৰহণৰ সোমবাৰে বিয়লি ৫ বজাৰ লগে লগে অন্ত পৰে (Presidential election Polling ended 5 pm on Monday) । অসমত দিছপুৰ বিধানসভাৰ চেণ্ট্ৰেল হলত পুৱা 10 বজাৰ পৰা ৰাষ্ট্রপতি নির্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় । অসমৰ শাসক আৰু বিৰোধী বিধায়কসকলে দিছপুৰৰ বিধানসভাৰ চেণ্ট্ৰেল হলত পুৱা 10 বজাৰ পৰা ৰাষ্ট্রপতি নির্বাচনৰ ভোটদান কৰে (Assam MLAs cast votes in Dispur assembly Central Hall) ।
ভোটদানৰ বাবে বিধায়কসকলে গুলপীয়া বেলট আৰু সাংসদসকলে সেউজীয়া ৰঙৰ বেলটৰ জৰিয়তে ভোটদান সাব্যস্ত কৰে । ভোটদানত বেগুনীয়া চিয়াঁহী ব্যৱহাৰ কৰা হয় । ভোটদানত সম্পূৰ্ণ গোপনীয়তা অৱলম্বন কৰা হয় । শাসকীয় দলৰ পৰা পীযূষ হাজৰিকা, ভূবন পেগু আৰু সুশান্ত বৰগোঁহায়ে প'লিং এজেণ্ট হিচাপে কাম কৰে । আনহাতে, বিৰোধী পক্ষৰ পৰা ৰকিবুল হুছেইন, জাকিৰ হুছেইন শিকদাৰ আৰু দিগন্ত বৰ্মন প'লিং এজেণ্ট হিচাপে থাকে । বিয়লি পাঁচ বজালৈ অনুষ্ঠিত ভোটদানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ।
আজি দিছপুৰৰ বিধানসভাৰ চেণ্ট্ৰেল হলত মুঠ 123 গৰাকী বিধায়কে ভোটদান কৰে (Total 123 MLAs cast votes in Central Hall) । ইয়াৰে ভিতৰত বিজেপি আৰু মিত্ৰদলৰ 85 গৰাকী আৰু কংগ্ৰেছ, ৰাইজৰ দল আৰু চিপিআইএমৰ মুঠ 26 গৰাকী বিধায়কে ভোটদান কৰে । এ আই ইউ ডি এফৰ 13 গৰাকী বিধায়কে ভোটাধিকাৰ সাব্যস্ত কৰে । উল্লেখ্য যে কংগ্ৰেছৰ বিধায়ক ভৰত চন্দ্ৰ নৰহে সংসদৰ ভোটগ্রহণ কেন্দ্ৰত ভোটদান কৰে । লগতে অসমৰ কেউজন সাংসদেই সংসদত ভোটগ্রহণ কেন্দ্ৰত ভোটদান কৰে ।