গুৱাহাটী, 6 জুলাই: তিনিদিনীয়া কাৰ্য্যসূচীৰে অসমলৈ আহিছে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু ৷ শাসকীয় এন ডি এৰ প্ৰক্ষেপিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু মঙলবাৰে নিশা 10.45 বজাত আহি উপস্থিত হয় গুৱাহাটীৰ বৰঝাৰ বিমান কোঠত (Presidential candidate Draupadi Murmu present in Guwahati)। দৌপদী মুৰ্মুক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম ৰাজ্যিক বি জে পিৰ সভাপতি ভৱেশ কলিতা, সাংসদ কুইন ওজা আদিয়ে গুৱাহাটীৰ বৰঝাৰ বিমান কোঠত আদৰণি জনায় (CM Himanta Biswa Sharma, Union Minister Sarbananda Sonowal, MP Queen Oza, Assam state BJP president Bhavesh Kalita)।
উল্লেখ্য যে, অসমৰ 147 টা ভোটক গুৰুত্ব সহকাৰে লৈছে শাসক আৰু বিৰোধী উভয় পক্ষৰ ৰাষ্ট্ৰপতি পদৰ মনোনীত প্ৰাৰ্থীগৰাকীয়ে ৷ তিনিদিনীয়া কাৰ্যসূচীৰে পূৰ্বোত্তৰ ভ্ৰমণলৈ আহিছে দ্ৰৌপদী মুৰ্মু (Draupadi Murmu visit Assam)৷ তেওঁ গুৱাহাটীত এন ডি এৰ সহযোগী দলসমূহৰ সাংসদ আৰু বিধায়কসকলৰ সৈতে বৈঠকত মিলিত হ’ব ।
আনহাতে, অহা ১২ জুলাইত অসমলৈ অহাৰ সম্ভাৱনা আছে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিন্হা। সিন্হাৰ অসম ভ্ৰমণৰ কাৰ্যসূচী এতিয়াও চূড়ান্ত হোৱা নাই যদিও তেওঁ কংগ্ৰেছ দলৰ সাংসদ আৰু বিধায়কসকলৰ লগতে চি পি এম আৰু ৰাইজৰ দলৰ বিধায়কৰ সৈতেও আলোচনাত মিলিত হ'ব বুলি জানিব পৰা গৈছে।