গুৱাহাটী,১৬ জুলাইঃ গেৰুৱা হোৱাৰ দিশে কটনৰ ছাত্ৰ একতা সভা (BJPs joining programme)। সাধাৰণ সম্পাদকৰ পাছত এইবাৰ বিজেপিলৈ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকা । আজি বিজেপিৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকাই বিজেপিৰ যুৱ মৰ্চাত যোগদান কৰে (president of students union of Cotton University Niyar Deka joined bjp)। ইয়াৰ পাছতে নিয়ৰ ডেকাই কয়,'মোৰ সামাজিক কাম কৰাৰ মন আছে। সেয়ে ৰাইজৰ লগত থকাৰ সিদ্ধান্ত লৈছো। মই সদায় কটন আৰু কটনিয়ানৰ কাৰণে কাম কৰিম। সেইটো মই কথা দিছো।'
উল্লেখ্য় যে কিছুদিন পূৰ্বে কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তই ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য্যৰ উপস্থিতিত বিজেপিত যোগদান কৰিছিল (Bharatiya Janata Yuva Morcha National President Tejashwi Surya)। ইয়াৰ পাছতেই এই লৈ কটনত একাংশ কটনিয়ানে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দুটা হোষ্টেলৰ ছাত্ৰৰ মাজত সংঘাতৰো সৃষ্টি হৈছিল।
শণিবাৰে বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ উদ্যোগত আয়োজন কৰা যোগদান অনুষ্ঠানত কটন বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ সভাপতি নিয়ৰ ডেকাৰ নেতৃত্বত বিশ্ববিদ্যালয়খনৰ এন এছ ইউ আই আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বহু সংখ্যক শিক্ষাৰ্থী তথা সমৰ্থিত সদস্যই বিজেপিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰে । ২০ গৰাকীৰো অধিক কটনিয়ানৰ লগতে এন এছ ইউ আইৰ সাধাৰণ সম্পাদক গুঞ্জন বৰ্মনে বিজেপিত যোগদান কৰে । তেওঁলোকক দলত আদৰণি জনাই বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা,মন্ত্রী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাকে ধৰি দলৰ কেইবাজনো নেতাই । উক্ত অনুষ্ঠানত মন্ত্রী পীযুষ হাজৰিকাই নতুনকৈ দলত যোগদান কৰা সকলক উদ্দেশ্যি কয় যে ৰাজনৈতিক নেতাক সাধাৰণতে বেয়া চকুৰে চোৱা হয় আৰু সমালোচনা কৰা হয় (Minister Piyush Hazarika)। ৰাজনৈতিক নেতাসকলে সমালোচনাৰ ঊৰ্দ্ধত গৈ সৎ ৰাজনৈতিক নেতা হিচাপে নিজকে গঢ় দিব লাগিব । তেওঁ কয় যে দেশ আগত আৰু দল পাছত আৰু তাৰ পাছতহে ব্যক্তি।