গুৱাহাটী, 25 ফেব্ৰুৱাৰী : গুৱাহাটীত উপস্থিত হৈ অভিভূত হৈ পৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ । বাৰেবৰণীয়া সংস্কৃতিৰ নাচ-গানেৰে ৰাষ্ট্ৰপতিগৰাকীক বিমানবন্দৰত আদৰণি জনোৱা হয়(cultural performance to welcome President) । বিমানবন্দৰৰ পৰা কামাখ্যা মন্দিৰলৈ আহি থকা অৱস্থাত ৰাষ্ট্ৰপতিগৰকীয়ে এবাৰ নহয়, দুবাৰকৈ গাড়ীৰ পৰা নামি ৰাইজক অভিবাদন জনায় । যথেষ্ট কটকটীয়া বেষ্টনীৰ মাজেৰে ৰাষ্ট্ৰপতিগৰাকী বিমান বন্দৰৰ পৰা পোনে পোনে কামাখ্যা মন্দিৰলৈ যোৱা হয় ।
মা কামাখ্যা মন্দিৰত পূজা-অৰ্চনা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰে । কামাখ্যা মন্দিৰত ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে । মন্দিৰতে কিছুসময় জিৰণি লয় ৰাষ্ট্ৰপতিগৰাকীয়ে । তেওঁ বিয়লি 5 বাজি 30 মিনিটৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।