অসম

assam

ETV Bharat / state

বাজপেয়ী ভৱনত চলিছে 'আশীৰ্বাদ যাত্ৰা'ৰ প্ৰস্তুতি

কেন্দ্ৰীয় মন্ত্ৰী সবাৰ্নন্দ সোণোৱালক আদৰণি জনাবলৈ অনুষ্ঠিত হ’বলগীয়া 'আশীৰ্বাদ যাত্ৰা'ক লৈ প্ৰস্তুতি ৰাজ্যিক বিজেপিৰ । গুৱাহাটী, মৰিগাঁও, কলিয়াবৰ, নগাঁও, যোৰহাট আৰু শিৱসাগৰ সাংগঠনিক জিলাৰ ১৮ টা স্থানত সম্পূৰ্ণ ক’ভিড প্ৰ’ট’কল পালন কৰি আশীৰ্বাদ যাত্রাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব ।

By

Published : Aug 17, 2021, 10:27 PM IST

Ashirwad Yatra
বাজপেয়ী ভৱনত 'আশীৰ্বাদ যাত্ৰা'ৰ প্ৰস্তুতি

গুৱাহাটী, ১৭ আগষ্ট : ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত কাযাৰ্লয়ত মঙলবাৰে 'আশীৰ্বাদ যাত্ৰা'ৰ প্ৰস্তুতিৰ সম্পৰ্কত এখন বৈঠক অনুষ্ঠিত হয় । এই সন্দৰ্ভত দলৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে জনাই যে, বৈঠকত ২১, ২২ আৰু ২৩ আগষ্টত ৰাজ্যৰ ১৮ টা স্থানত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সবাৰ্নন্দ সোণোৱালক আদৰণি জনাই অনুষ্ঠিত হ’বলগীয়া আশীৰ্বাদ যাত্ৰা সম্পৰ্কে আলোচনা কৰা হয় । ক'ভিড প্ৰট'কল পালন কৰি কিদৰে 'আশীৰ্বাদ যাত্ৰা' আয়োজন পাৰি তাৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয় ৷

বাজপেয়ী ভৱনত 'আশীৰ্বাদ যাত্ৰা'ৰ প্ৰস্তুতি

'আশীৰ্বাদ যাত্রা'ৰ কাৰ্যসূচী গুৱাহাটী, মৰিগাঁও, কলিয়াবৰ, নগাঁও, যোৰহাট আৰু শিৱসাগৰ সাংগঠনিক জিলাৰ ১৮ টা স্থানত সম্পূৰ্ণ ক’ভিড প্ৰট’কল পালন কৰি ৰূপায়ণ কৰা হ’ব । এই সমগ্ৰ যাত্ৰাত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সবাৰ্নন্দ সোণোৱালে ৩০০ কিলোমিটাৰো অধিক পথ অতিক্ৰম কৰিব ।

লগতে পঢ়ক:এযোৰ কাপোৰৰ বাবে কোকৰাঝাৰত হেতা-ওপৰা ৰাইজৰ

এইক্ষেত্ৰত সোণোৱালক ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী, সাংসদ, বিধায়ক তথা ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে সংগ দিব বুলি ৰূপম গোস্বামীয়ে প্ৰকাশ কৰিছে ।

মঙলবাৰৰ বৈঠকত উপ-সভাপতি পুলক গোহাঁই, স্বপ্ননীল বৰুৱা, জয়ন্ত দাস, সম্পাদকদ্বয় দ্বিপ্লুৰঞ্জন শৰ্মা আৰু বেণুধৰ নাথ, সাংসদ কুইন ওজা, পূৱ গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিতা ভূঞা, মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীৰ লগতে আশীৰ্বাদ যাত্ৰাৰ লগত জড়িত সকলো কাৰ্যকৰ্তা উপস্থিত থাকে ।

উল্লেখ যে, কেন্দ্ৰীয় মন্ত্রীসভাত অন্তৰ্ভুক্ত হোৱাৰ পাছত ২১ আগষ্টত প্ৰথমবাৰৰ বাবে অসমত উপস্থিত হ'ব প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশ মৰ্মে ৰাজ্যিক বিজেপিৰ উদ্যোগত ২১ৰ পৰা ২৩ আগষ্টলৈ আয়োজন কৰা 'আশীৰ্বাদ যাত্র‍া'ত কেন্দ্ৰীয় মন্ত্রী সোণোৱালে অংশ গ্ৰহণ কৰিব । সম্প্ৰতি ৰাজ্যিক বিজেপিৰ লগতে চৰকাৰখনে সোণোৱালক আদৰণি জনোৱাৰ লগতে 'আশীৰ্বাদ যাত্রা'ক লৈ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব টেট পৰীক্ষা

ABOUT THE AUTHOR

...view details