গুৱাহাটী,২৭ এপ্ৰিল-আগষ্ট-ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া "উত্তৰ-পূব বিশ্ব বিনিয়োগকাৰী শীৰ্ষ সন্মিলন"ৰ বাবে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসমৰ প্ৰাথমিক প্রস্তুতি সম্পৰ্কত আজি এখন ঘূৰণীয়া মেজমেল অনুষ্ঠিত হয় (North East Global Investors Summit)। ভাৰত চৰকাৰৰ উত্তৰ-পূব উন্নয়ন দপ্তৰৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত অনুষ্ঠিত এই ঘূৰণীয়ামেজমেলত ড’নাৰ মন্ত্ৰালয়ৰ দায়িত্বত থকা সচিব আৰু যুটীয়া সচিব ক্ৰমে লোক ৰঞ্জন আৰু হৰপ্ৰীত সিঙকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।
এই সভাত আগম্ভক বিনিয়োগকাৰী শীৰ্ষ সন্মিলনৰ বাবে চলোৱা প্ৰস্তুতি সন্দৰ্ভত অসমৰ চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিব ড৹ লক্ষ্মণন এছ, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানৱেন্দ্র প্রতাপ সিং (Managing Director of AIDC), ইনভেষ্ট ইণ্ডিয়াৰ প্ৰতিনিধি ড৹ গীতিমা কৃষ্ণা (Invest India) আৰু ফেডাৰেশ্যন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্ছ এণ্ড ইণ্ডাষ্ট্ৰীৰ প্ৰতিনিধি বিশ্বজিৎ চক্রৱৰ্তীয়ে পাৱাৰ পইণ্টৰ জৰিয়তে বিভিন্ন দিশ উপস্থাপন কৰে ।
উক্ত সভাত ভাষণ প্ৰদান কৰি ভাৰত চৰকাৰৰ সচিব লোক ৰঞ্জনে কয় যে, আগন্তুক সন্মিলনখন হ'ব উত্তৰ-পূবত বিনিয়োগ কৰাৰ বাবে বিনিয়োগকাৰী সকলক উৎসাহিত কৰাৰ অৰ্থে লোৱা এক সন্মিলিত প্রচেষ্টা । সকলোৰে সহযোগিতাত এই সন্মিলন সাফল্যমণ্ডিত হ'ব বুলি তেওঁ আশা প্রকাশ কৰে । সম্প্ৰতি অসমৰ পৰিৱেশ বিনিয়োগকাৰীসকলৰ বাবে সম্পূর্ণ অনুকূল বুলি উল্লেখ কৰি তেওঁ কয় যে, বর্তমান ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থা, আন্তঃগাঁথনিকে ধৰি অন্যান্য সা-সুবিধা আৰু সুবিধাজনক উদ্যোগ নীতিৰ ফলত বিনিয়োগকাৰীসকল আগবাঢ়ি আহিবলৈ আগ্ৰহী হৈছে । সেয়ে সন্মিলনত ৰাজ্যখনত বিনিয়োগ যোগ্য সকলো খণ্ড সুন্দৰভাৱে উন্মোচিত কৰাৰ ক্ষেত্ৰত আৰু অধিক পৰিকল্পিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি তেওঁ কয় ।