গুৱাহাটী, ৩১ জুলাই: কেন্দ্ৰীয় চৰকাৰৰ নতুন পেন্সন নীতিৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰি আহিছে উত্তৰ পূব সীমান্ত ৰে'লৱেৰ অন্যতম ট্ৰেড ইউনিয়ন এন এফ ৰে'লৱে এমপ্লইজ ইউনিয়নে। ইউনিয়নে বিগত সময়চোৱাত নতুন পেন্সন নীতি বাতিল কৰা আৰু পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । অহা ১০ আগষ্টত ইউনিয়নে নতুন পেন্সন নীতি বাতিল আৰু পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত নতুন দিল্লীত সংসদ ভৱন ঘেৰাও কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই এই বিষয়ে সদৰী কৰে ।
কেন্দ্ৰীয় চৰকাৰৰ নতুন পেন্সন নীতিক সমালোচনা কৰি ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই কয়," বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলক যিসকলে ১ জানুৱাৰী ২০০৪ চনৰ পিছত চাকৰিত মকৰল হৈছে তেওঁলোকক নতুন ৰাষ্ট্ৰীয় পেঞ্চন নীতিৰ আধাৰত পেঞ্চন দিয়া হ'ব বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে । কিন্তু ইউনিয়নে এই নতুন পেন্সন নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ দিল্লীত সংসদ ভৱন ঘেৰাও কৰাৰ বাবে অহা ১০ আগষ্টত কাৰ্যসূচী ঘোষণা কৰিছে । এই কাৰ্যসূচীত সমগ্ৰ দেশৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিব ।"
নতুন ৰাষ্ট্ৰীয় পেঞ্চন নীতিয়ে এজন কৰ্মচাৰীৰ অৱসৰৰ পিচত তেওঁ চাকৰিকালীন অৱস্থাত যি গৌৰৱেৰে নিজক আৰু পৰিয়ালৰ দায়িত্ব পালন কৰিব সেই অৱস্থাৰ পৰা বঞ্চিত হ'ব বুলি উল্লেখ কৰি সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই কয় যে কিয়নো তেওঁ কিমান পেঞ্চন পাব তাৰ কোনো নিশ্চয়তা নাথাকিব । ৰে'লৱেৰ কৰ্মচাৰী সকলে যি ধৰণে তেওঁলোকৰ কৰ্মত নিয়োজিত হৈ দেশৰ প্ৰতি সেৱা আগবঢ়ায় তাৰ বিনিময়ত তেওঁলোকে পুৰণি পেঞ্চন বাহাল ৰাখিবলৈ দাবী জনায় ।