অসম

assam

২৯ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 7:30 PM IST

চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত ১২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা । ঢাকাৰ পৰা আহিব ১৫ খন বিপণি । এক সংবাদমেলত এই কথা সদৰী কৰে অসম প্ৰকাশন পৰিষদৰ সচিবে ।

Publication Board Assam
অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা

অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা

গুৱাহাটী, ৪ ডিচেম্বৰ :অহা ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈকে চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা । ১২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অসম গ্ৰন্থমেলা । সোমবাৰে অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এই কথা সদৰী কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয়," অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ যুটীয়া উদ্যোগত বিগত বৰ্ষৰ দৰে এইবাৰো চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা ।"

অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে এই গ্ৰন্থমেলাত দেশ-বিদেশৰ কেইবাটাও প্ৰকাশক গোষ্ঠীয়ে অংশ গ্ৰহণ কৰিব । দিল্লী,কলকাতা, বাংলাদেশৰ কেইবাটাও প্ৰকাশন গোষ্ঠী আৰু বিক্ৰেতাই অংশগ্ৰহণ কৰিব । পেংগুইন, অক্সফোৰ্ড আদি সংস্থাই অসম প্ৰকাশন পৰিষদৰ সৈতে ইতিমধ্যে যোগাযোগ কৰিছে বুলিও তেওঁ কয় । অসমৰ বাহিৰৰ প্ৰায় ২০-২৫ খন প্ৰকাশক-বিক্ৰেতাই অংশগ্ৰহণ কৰিব বুলি উল্লেখ কৰি কয় যে বাংলাদেশৰ ৰাজধানী ঢাকাৰ পৰা আহিব ১৫ খন বিপণি ।

অসম প্ৰকাশন পৰিষদৰ সচিবগৰাকীয়ে পুনৰ কয় যে গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে সাহিত্য একাডেমীৰ সচিব কে শ্ৰীনিৱাস ৰাও, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব জে সাই দীপক । গ্ৰন্থমেলাত অসম প্ৰকাশন পৰিষদৰ ৫০ খন শিশু সাহিত্য প্ৰকাশ পাব । তদুপৰি ২৮ খন অনুবাদমূলক গ্ৰন্থও প্ৰকাশ পাব বুলি তেওঁ কয় । ইয়াৰে ৬খন বাংলা ,৫ খন বড়ো আৰু ১৭ খন অসমীয়া গ্ৰন্থ প্ৰকাশ পাব । আনহাতে, গ্ৰন্থমেলাত যুৱ আৰু মহিলা সকলৰ বাবে বিশেষ অনুষ্ঠান থাকিব । সংবাদমেলত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংন্থাৰ সম্পাদক ধীৰাজ গোস্বামীও উপস্থিত থাকে ।

লগতে পঢ়ক:জিলা কংগ্ৰেছৰ অফিচে অফিচে মাছে-মঙহে বনাইছিল, খাবলৈহে কোনো নাহিল: পীয়ুষ হাজৰীকা

ABOUT THE AUTHOR

...view details