অসম

assam

ETV Bharat / state

অসমত যোগী আদিত্য নাথ চৰকাৰৰ ৰাজ হ'বলৈ গৈ আছে : অখিল গগৈ - সংবাদমেল সম্বোধন

অসমত ইতিহাস বিকৃত কৰি নতুনকৈ ইতিহাস ৰচনা কৰা হৈছে । একনায়কত্ববাদী শাসনৰ বাবে মুখ্যমন্ত্রীয়ে বিধায়কসকলৰ ক্ষমতাত হস্তক্ষেপ কৰি মন্ত্রীসকলক অভিভাৱক মন্ত্রী কৰিছে । সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰিলে বিধায়ক অখিল গগৈয়ে ৷

akhil gogoi press meet
অসমত যোগী আদিত্য নাথ চৰকাৰৰ ৰাজ হ'বলৈ গৈ আছে

By

Published : Jul 8, 2021, 8:53 PM IST

গুৱাহাটী, ৮ জুন :অসমত ইতিহাস বিকৃত কৰি নতুনকৈ ইতিহাস ৰচনা কৰা হৈছে । অসমৰ মুখ্যমন্ত্রীয়ে কিতাপ নপঢ়ে, ইতিহাস নাজানে তথা সংবিধান পঢ়া নাই । মুখ্যমন্ত্রীয়ে নিৰক্ষৰৰ দৰে কথা কবলৈ আৰম্ভ কৰিছে । একনায়কত্ববাদী শাসনৰ বাবে মুখ্যমন্ত্রীয়ে বিধায়কসকলৰ ক্ষমতাত হস্তক্ষেপ কৰি মন্ত্রীসকলক অভিভাৱক মন্ত্রী কৰিছে ৷

বিধায়ক হিচাপে অখিল গগৈয়ে বৃহস্পতিবাৰে ৰাইজৰ দলৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে । সংবাদমেল সম্বোধন কৰিয়েই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে । সংবাদমেলত বিধায়ক গগৈয়ে কেইবাটাও প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

বিধায়কৰ কাম কেৱল আইন প্ৰণয়ন কৰা বুলি মুখ্যমন্ত্রীয়ে কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক গগৈয়ে কয়, বিধায়কৰ বিধানিক ক্ষমতা, বিত্তীয় তথা প্ৰশাসনিক আদি বিভিন্ন ক্ষমতা মুখ্যমন্ত্রীয়ে নোহোৱা কৰিব বিচাৰিছে । উচ্চতম ন্যায়ালয়ে বিধায়কৰ ভূমিকা আৰু দায়িত্ব সন্দৰ্ভত ২০১৭ চনত এক ৰায়দান দিছিল । মুখ্যমন্ত্রীয়ে আইন তথা ন্যায়ালয় বিৰুদ্ধে কথা কৈছে বুলি কয় বিধায়ক গৰাকীয়ে ।

"প্ৰত্যাহ্বান জনাইছো যে মুখ্যমন্ত্ৰীয়ে কোৱা কথাবোৰ কোন আইনত লিখা আছে ৰাজহুৱা কৰিব লাগে । অন্যথা তেওঁ ক্ষমা খুজিব লাগে । সকলো বিধায়কে তেওঁৰ কথাৰ বিৰোধিতা কৰিব লাগে । একোগৰাকী বিধায়ক সমষ্টিটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ সমিতিৰ সভাপতি নাইবা সদস্যৰ দায়িত্বত থাকে ।" এইদৰে কয় অখিল গগৈয়ে ৷

বিধায়ক গগৈয়ে লগতে কয়, অসম চৰকাৰে অভিভাৱক মন্ত্রী হিচাপে মন্ত্রীসকলক জিলাসমূহৰ দায়িত্ব দিয়া কাৰ্য সম্পূৰ্ণ অগণতান্ত্রিক তথা বে-আইনী । কিহৰ ভিত্তিত মুখ্যমন্ত্রীয়ে এইটো কৰিছে ৰাজহুৱা কৰক ? একনায়কত্ববাদী শাসনৰ বাবে মুখ্যমন্ত্রীয়ে বিধায়কসকলৰ ক্ষমতাত হস্তক্ষেপ কৰি এনেদৰে মন্ত্রীসকলক অভিভাৱক মন্ত্রী কৰিছে বুলি মুখ্যমন্ত্ৰীক কটাক্ষ কৰে অখিল গগৈয়ে ৷

অসম আৰক্ষীৰ শেহতীয়া এনকাউণ্টাৰৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিল গগৈয়ে ৷ "হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্রী হোৱাৰ পাচত শেহতীয়াকৈ ৰাজ্যত এনকাউণ্টাৰ চলি আছে । অভিযুক্তক ধৰাৰ পিছত গুলীয়াই দিয়া হৈছে । অসমতো লাহে লাহে উত্তৰ প্ৰদেশৰ যোগী আদিত্য নাথ চৰকাৰৰ ৰাজ হ'বলৈ গৈ আছে । অভিযুক্তক ৰেহাই দিয়াৰ কথা কোৱা নাই যদিও দোষী সাব্যস্ত হোৱাৰ পূৰ্বেই ধৰাৰ পাছত গুলীয়াই দিয়া ঘটনা গ্ৰহণযোগ্য হ'ব নোৱাৰে ।" এই মন্তব্য আগবঢ়াই অখিল গগৈয়ে ৷

মুখ্যমন্ত্রীয়ে অসমৰ ইতিহাস বিকৃত কৰাৰ অভিযোগ উত্থাপন কৰি অখিল গগৈয়ে কয়, মুখ্যমন্ত্রীৰ মতে শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে অসমীয়া ভাষা আৰু আসমীয়া জাতিক বচালে । অসমীয়া জাতিৰ ৰাজনৈতিক বুৰঞ্জীৰ উপৰি কোনো এখন বুৰঞ্জীত কিন্তু সেই কথা উল্লেখ নাই । অসমত ইতিহাস বিকৃত কৰি নতুনকৈ ইতিহাস ৰচনা কৰিবলৈ বিচাৰিছে মুখ্যমন্ত্ৰীয়ে ।

কলকাতা বিশ্ববিদ্যালয়ত ১৯০৫ চনতে মেট্ৰিকুলেচনৰ ক্ষেত্রত অসমীয়া ভাষাই স্বীকৃতি লাভ কৰিছিল আৰু ১৯১৪ নাইবা ১৯১৫ চনত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ক্ষেত্রত অসমীয়া ভাষাই স্বীকৃতি লাভ কৰিছিল । শ্যামাপ্ৰসাদ মুখাৰ্জী ১৯৩৪-৩৮ চনলৈ কলকাতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কোৱা প্ৰতিটো কথাই মিছা বুলি কয় অখিল গগৈয়ে ৷

ষ্টেন স্বামীৰ মৃত্যুৰ প্ৰসংগত অখিল গগৈয়ে কয়- UAPA নামৰ ক’লা আইনখনৰ অধীনত ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা ষ্টেন স্বামীক ভাৰত চৰকাৰ, নিয়া আৰু জেল কৰ্তৃপক্ষই হত্যা কৰিলে । নিয়াৰ কোনো নিজস্বতা নাই আৰু তদন্তকাৰী সংস্থাটো এটা ৰাজনৈতিক এজেঞ্চী । UAPA আইনখন শীঘ্ৰেই বাতিল কৰিব লাগে । এই আইনখন বাতিলৰ দাবীত দেশজোৰি প্ৰতিবাদ সাব্যস্ত কৰা হ'ব ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকৰ ক্ষেত্রত ৰাজ্যপালে গ্ৰহণ কৰা শেহতীয়া পদক্ষেপ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে শৈক্ষিক ক্ষেত্রত ৰাজ্যপাল এগৰাকীয়ে ৰাজনৈতিক উদ্দ্যেশ্য প্ৰণোদিতভাৱে হস্তক্ষেপ কৰাটো অগণতান্ত্রিক হৈছে বুলি মন্তব্য প্ৰকাশ কৰে । তেওঁ সকলো ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় ।

শিৱসাগৰৰ প্ৰসংগত অখিল গগৈয়ে কয়, শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে প্ৰতিষ্ঠা কৰাৰ আঁচনি গ্ৰহণ কৰা হৈছে । বিধানসভাৰ বাজেট অধিবেশনৰ ১৩ জুলাইৰ দিনা শিৱসাগৰক ৰাজ্যিক ঐতিহ্য ক্ষেত্র হিচাপে ঘোষণা কৰাৰ বাবে আহ্বান জনোৱা হ'ব । সিদিনা বিষয়টো সদনত উত্থাপন কৰা হ'ব । অক্টোবৰৰ পৰা শিৱসাগৰক নতুন ৰূপত দেখিবলৈ পোৱা যাব ।' অখিল গগৈয়ে লগতে কয় যে অধিবেশনত পাঁচ দিনৰ বাবে ২০ টা প্ৰশ্ন দিয়া হৈছে । প্ৰথম প্ৰশ্নটোৱেই 'কা' প্ৰসংগত দিয়া হৈছে ৷

লগতে পঢ়ক: ৰহস্যজনকভাৱে স্থগিত হেলিপ’ৰ্ট নিৰ্মাণৰ কাম

ABOUT THE AUTHOR

...view details