অসম

assam

ETV Bharat / state

সদৌ অসম অতিৰিক্ত 'ক'-শ্ৰেণী প্ৰাক-প্ৰাথমিক শিক্ষয়িত্ৰী সন্মিলনীৰ প্ৰতিবাদ - স্থায়ী নিযুক্তি আৰু দৰমহা নিয়মীয়াকৰণৰ দাবীত পুনৰ প্ৰতিবাদ শিক্ষকৰ

গুৱাহাটীৰ চচলত পুনৰ প্ৰতিবাদত বহিল ৰাজ্যৰ একাংশ শিক্ষয়িত্ৰী (Teachers protest in Guwahati)। চৰকাৰৰ বিৰুদ্ধে সদৌ অসম অতিৰিক্ত 'ক'-শ্ৰেণী প্ৰাক-প্ৰাথমিক শিক্ষয়িত্ৰী সন্মিলনীৰ তীব্ৰ প্ৰতিবাদ । স্থায়ী নিযুক্তি, দৰমহা নিয়মীয়াকৰণ আৰু আন শিক্ষকৰ মৰ্যাদা প্ৰদানকে ধৰি কেইবাটাও দাবী শিক্ষয়িত্ৰীসকলৰ ।

Teachers protest
প্ৰাক প্ৰাথমিক শিক্ষয়িত্ৰী সন্মিলনীৰ প্ৰতিবাদ

By

Published : Apr 1, 2022, 7:16 PM IST

গুৱাহাটী,১ এপ্ৰিল :স্থায়ী নিযুক্তি আৰু দৰমহা নিয়মীয়াকৰণৰ দাবীত পুনৰ প্ৰতিবাদ শিক্ষকৰ । শুকুৰবাৰে গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম অতিৰিক্ত 'ক'-শ্ৰেণী প্ৰাক-প্ৰাথমিক শিক্ষয়িত্ৰী সন্মিলনীয়ে (Teachers protest in Guwahati)। স্থায়ী নিযুক্তি, দৰমহা নিয়মীয়াকৰণ আৰু আন শিক্ষকৰ মৰ্যাদা প্ৰদানকে ধৰি কেইবাটাও দাবীৰে শিক্ষয়িত্ৰীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Teachers protest demanding job regularization)।

উল্লেখ্য যে ১৯৯৭ চনৰ পৰাই বিনা বেতনে শিক্ষকতা কৰি অহাৰ পাছতো চৰকাৰৰ শিক্ষা বিভাগে তেওঁলোকৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ শিক্ষয়িত্ৰীসকলৰ (Pre Primary Teacher problem)। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্থাৰ সম্পাদিকা লীনা পেগু আৰু সহ:সম্পাদিকা দীপাঞ্জলি দেৱীয়ে কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত সেই সময়ৰ শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক-প্ৰাথমিক শিক্ষয়িত্ৰীসকলক উপযুক্ত মজুৰি প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিছিল । কিন্তু পৰৱৰ্তী সময়ত চৰকাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰ্মৰত তিনি হাজাৰৰো অধিক অতিৰিক্ত প্ৰাক প্ৰাথমিক ('ক'-শ্ৰেণী) শিক্ষয়িত্ৰীসকলৰ চাকৰি নিয়মীয়াকৰণ তথা শ্ৰমৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰিলে ।

সদৌ অসম অতিৰিক্ত 'ক'-শ্ৰেণী প্ৰাক-প্ৰাথমিক শিক্ষয়িত্ৰী সন্মিলনীৰ প্ৰতিবাদ

আনকি বৰ্তমান চৰকাৰৰ শিক্ষা মন্ত্ৰী ডঃ ৰনোজ পেগুকো সন্থাৰ তৰফৰ পৰা কেইবাবাৰো সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যাসমূহৰ স্থায়ী সমাধানৰ বাবে দাবী জনায় আহিছে যদিও শিক্ষা মন্ত্ৰী গৰাকীয়ে এই শিক্ষয়িত্ৰীসকলৰ চাকৰি নিয়মীয়া কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়াত এতিয়া শংকিত হৈ পৰিছে প্ৰাক-প্ৰাথমিক শিক্ষয়িত্ৰীসকল ।

বিগত প্ৰায় ২৫ বছৰে মজুৰি পাবলৈ সক্ষম নোহোৱা ভুক্তভোগী শিক্ষকসকলে দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহ-পাল দি অহাৰ পাছতো শিক্ষা বিভাগে তেওঁলোকৰ মনৰ দুখ বুজি পাবলৈ সক্ষম হোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ প্রকাশ কৰে শিক্ষয়িত্ৰীসকলে । সেয়ে তেওঁলোকে এনেদৰে প্ৰতিবাদৰ জৰিয়তে চাকৰি নিয়মীয়াকৰণৰ বাবে পুনৰবাৰ চৰকাৰক দাবী জনাইছে ।

লগতে পঢ়ক :অসম কৃষি বিশ্ববিদ্যালয়ৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ABOUT THE AUTHOR

...view details