গুৱাহাটী, 12 জানুৱাৰীঃনাগৰিকত্ব (সংশোধনী) আইন 2019ৰ বিৰোধিতা কৰি আৰক্ষীৰ গুলীত 5 জনকৈ অসমীয়া নিহত হৈছিল ৷ শ্বহীদৰ স্মৰণত শনিবাৰে মালিগাঁৱত এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হয় ৷ পশ্চিম গুৱাহাটী বিকাশ মঞ্চৰ উদ্যোগত এই প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হয় ৷
মালিগাঁৱত শ্বহীদৰ স্মৰণত অনুষ্ঠিত প্ৰাৰ্থনা সভা
বিগত বৰ্ষত নাগৰিকত্ব (সংশোধনী) আইন 2019ৰ বিৰোধিতা কৰি অসমৰ 5 জন ডেকা শ্বহীদ হৈছিল ৷ সেই শ্বহীদসকলক স্মৰণ কৰি শনিবাৰে মালিগাঁৱত এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হয় ৷
মালিগাঁও
শ্বহীদসকলৰ আত্মাৰ শান্তি কামনা আৰু চৰকাৰ সুমতি ঘুৰাই অনাৰ কামনাৰে ৰাইজে প্ৰাৰ্থনা সভা অনুষ্ঠানখনত গীতা, কোৰাণ আৰু বাইবেল পাঠ কৰে ৷ ইফালে বিজেপি চৰকাৰে ফেচিষ্ট মনোভাৱেৰে অসমীয়াৰ ওপৰত জোৰ জুলুমকৈ CAA জাপি দিছে বুলি মঞ্চই উল্লেখ কৰে ৷ চৰকাৰে আইনখন বলৱৎ কৰিলেও অসমীয়া ৰাইজে কোনো কাৰণতে এই আইন মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে পশ্চিম গুৱাহাটী বিকাশ মঞ্চৰ নেতৃত্বই ৷
লগতে পঢ়ক - মহাৰাষ্ট্ৰৰ পালঘৰত কেমিকেল ফেক্টৰীত বিস্ফোৰণঃ 5 জন নিহত