গুৱাহাটী, 24 এপ্ৰিলঃ শনিবাৰৰ পৰা আৰম্ভ হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ মাহ ৰমজান । এইবাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ঘৰতে থাকি ইবাদত কৰাৰ আহ্বান গুৱাহাটী মহানগৰীৰ বুঢ়া জামে মছজিদৰ ইমামৰ ।
কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতে শনিবাৰৰ পৰা আৰম্ভ হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ। ৰমজান মাহত এমাহজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে উপবাস পালন কৰি ইবাদত কৰে। মছজিদত ইছলাম ধৰ্মাৱলম্বী লোকসকল একত্ৰিত হৈ তাবাৰীৰ নামাজৰ পৰা আৰম্ভ কৰি চেহৰী আৰু ইফটাৰ কৰে । এইবাৰ কিন্তু কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে মছজিদত বাতিল কৰা হৈছে তাবাৰীৰ নামাজৰ লগতে অন্যান্য নামাজ,চেহৰী আৰু ইফটাৰ। দেশজুৰি ইছলাম ধৰ্মাৱলম্বী মৌলানাসকলে এইবাৰ ঘৰতে ৰমজান মাহৰ ইবাদত কৰিবলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকল আহ্বান জনোৱাৰ মাজতে মহানগৰী বুঢ়া জামে মছজিদৰ ঈমাম গৰাকীয়ে পবিত্ৰ ৰমজানৰ সকলো নামাজ,চেহৰী আৰু ইফটাৰ ঘৰতে কৰিবলৈ আহ্বান জনাইছে । ইমাম গৰাকীয়ে লগতে সকলোকে পৃথিৱীৰ পৰা মাৰাত্মক কৰ'ণা ভাইৰাছক নিঃশেষ কৰি মানৱ জাতিক ৰক্ষা কৰিবলৈ পবিত্ৰ ৰমজান মাহত আল্লাৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈও আহ্বান জনাইছে।