অসম

assam

ETV Bharat / state

নাট্যকর্মী পবিত্ৰ ৰাভালৈ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা - নাট্যকর্মী পবিত্ৰ ৰাভালৈ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা

গোৱালপৰীয়া গান মোৰ প্ৰাণ, গায়া আছং গায়া থাকিম ৷ জীৱনৰ অন্তিম ক্ষণলৈ তেওঁ, এই পণেৰেই গাই গৈছিল ইটোৰ পাচত সিটো গোৱালপৰীয়া গীত ৷

প্ৰতিমা বৰুৱা পাণ্ডে
প্ৰতিমা বৰুৱা পাণ্ডে

By

Published : Dec 27, 2020, 7:43 PM IST

গুৱাহাটী, 27 ডিচেম্বৰ:প্ৰতিমা বৰুৱা পাণ্ডে ! নামেই যাৰ পৰিচয় ৷ লোকগীতৰ সম্ৰাজ্ঞী তথা হস্তীৰ কন্যাখ্যাত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি 18 সংখ্যাক মৃত্যু বাৰ্ষিকী ৷ গৌৰীপুৰ ৰাজপৰিয়ালৰ বিখ্যাত হাতী বিশেষজ্ঞ প্ৰকৃতিশ চন্দ্ৰ বৰুৱা আৰু ভাৰতীয় চিনেমাৰ পিতামহ ‘দেৱদাস’ খ্যাত চলচ্চিত্ৰৰ পৰিচালক প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ ভতিজী প্ৰতিমা বৰুৱা পাণ্ডেৰ গীতৰ মাধ্যমেৰেই প্ৰচলন হৈছিল গোৱালপৰীয়া ভাষাৰ ৷ ড॰ ভূপেন হাজৰিকাৰ "এৰা বাটৰ সুৰ" চলচ্চিত্ৰত দুটা গীতত কণ্ঠদানেৰে তেখেতে বাট বুলিছিল সংগীতৰ বিশাল জগতলৈ ৷

কালজয়ী শিল্পীগৰাকীৰ মৃত্যুৱে আজি পাৰ কৰিলে সম্পূৰ্ণ 18 বছৰ

গোৱালপৰীয়া লোকগীতৰ বাবেই তেখেত বিভূষিত হৈছিল পদ্মশ্ৰী, সংগীত নাটক অকাডেমী আদিৰ দৰে সন্মানীয় বঁটাৰে ৷ লিখিলে বা কৈ থাকিলে ওৰ নপৰা সেই কালজয়ী শিল্পীগৰাকীৰ মৃত্যুৱে আজি পাৰ কৰিলে সম্পূৰ্ণ 18 বছৰ ৷ তেওঁৰ মৃত্যু তিথিত প্ৰতি বছৰে সদৌ অসম ছাত্ৰ সন্থাই পালন কৰি আহিছে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ য'ত প্ৰতি বছৰে একোগৰাকীকৈ বিশিষ্ট লোকক প্ৰদান কৰা হয় পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা ৷ সেই উপলক্ষে 2020 বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান কৰা হয় নাট্যকর্মী পবিত্ৰ ৰাভাক ৷

গোৱালপৰীয়া লোক সংগীতৰ সাধক গৰাকীৰ গুৱাহাটী চান্দমাৰীস্থিত প্ৰতিমূৰ্তিস্থলীত নাট্যকর্মী গৰাকীক প্ৰদান কৰা হয় এই বঁটা ৷ বঁটা প্ৰদান কৰে আছুৰ সভাপতি দীপাংক নাথ, সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ লগতে উত্তৰ-পূৱ ছাত্ৰ সংগঠনৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ বঁটা প্ৰদান অনুষ্ঠানত সংগঠনটোৰ কৰ্মকৰ্তা সকলৰ লগতে উপস্থিত থাকে শিল্পী জেপি দাস, জয়ন্ত ভাগৱতী, মনীষা হাজৰিকা, প্ৰতিমা বৰুৱা পাণ্ডেৰ কন্যা অলকা পাণ্ডেকে ধৰি বহু বিশিষ্ট ব্যক্তি ৷

নাট্যকর্মী পবিত্ৰ ৰাভালৈ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা

বঁটা গ্ৰহণ কৰি নাট্যকর্মী পবিত্ৰ ৰাভা উৎসাহিত হৈ পৰাৰ লগতে প্ৰতিমা বৰুৱা পাণ্ডেৰ মাটিয়াবাগৰ বাসভৱন সংৰক্ষণৰ ক্ষেত্ৰত আক্ষেপ প্ৰকাশ কৰে ৷ তেওঁৰ আহ্বান তেওঁৰ গৃহ সংৰক্ষণৰ কাম চৰকাৰে নোৱাৰিলে তেওঁলোকক অৰ্পন কৰক ৷ কালজয়ী শিল্পী গৰাকীৰ সৃষ্টিৰাজী তেওঁলোকেই সংৰক্ষণ কৰিব ৷ আনহাতে নেছ'ৰ উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যয়ো গোৱালপৰীয়া লোক সংগীতৰ সাধক গৰাকীৰ ঘৰটো সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে ৷

লগতে পঢ়ক:সৰিয়হৰ হালধীয়াৰে উপচিছে সোৱণশিৰি-ৰঙানদীৰ দুয়োপাৰ

ABOUT THE AUTHOR

...view details