গুৱাহাটী, ২৭ ডিচেম্বৰ : আজি গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ২০ তম মৃত্যু বাৰ্ষিকী (20th death anniversary of Pratima Barua Pandey) ৷ মঙলবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হয় গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞীগৰাকীৰ মৃত্যু বাৰ্ষিকী ৷ সদৌ অসম ছাত্ৰ সন্থায়ো মংগলবাৰে চানমাৰিস্থিত প্ৰতিমা বৰুৱা পাণ্ডে প্ৰতিমূৰ্তিস্থলীত উদযাপন কৰে শিল্পীগৰাকীৰ মৃত্যু বাৰ্ষিকী (AASU Pays Tribute To Folk Legend Pratima Barua Pandey) ।
এই অনুষ্ঠানতে সদৌ অসম ছাত্ৰ সন্থাই পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান কৰে লোককৃষ্টিৰ সাধক একলব্য গামক (Pratima Pandey Award 2022 to Eklavya Gham) । সদৌ অসম ছাত্ৰ সন্থাই প্ৰদান কৰা এই বঁটাত আছে ফুলাম গামোচা, চেলেং চাদৰ, অংগবস্ত্ৰ, মানপত্ৰ আৰু নগদ ২৫ হাজাৰ টকাৰ এটা টোপোলা ।
২০২২ বৰ্ষৰ এই প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা লাভ কৰি স্বাভাৱিকতে গৌৰৱান্বিত হৈ পৰিছে লোককৃষ্টিৰ সাধকগৰাকী ৷ আজিৰ এই বিশেষ দিনটো তেওঁৰ বাবে এক স্মৰণীয় দিন হৈ ৰ’ব বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে লোককৃষ্টিৰ সাধক একলব্য গামে ৷ লোককৃষ্টিৰ সাধক একলব্য গামে এই বঁটা গ্ৰহণ কৰি প্ৰতিমা বৰুৱা পাণ্ডেলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
এই অনুষ্ঠানতে তেওঁ কয়, ‘‘এইবৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা সদৌ অসম ছাত্ৰ সন্থাই মোক প্ৰদান কৰাৰ বাবে ভাল লাগিছে । লোক সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আছুৱে বহু দিনৰ পৰা ভূমিকা গ্ৰহণ কৰি আছে । অসমৰ সকলো জাতি-জনগোষ্ঠী মিলি আৰু লোক সংস্কৃতিৰ উদ্ধাৰৰ বাবে অহৰহ চেষ্টা কৰিব লাগিব । আজিৰে পৰা দায়িত্ব বাঢ়িল । অসমৰ সকলো জাতি-জনগোষ্ঠী মিলি আৰু লোক সংস্কৃতিৰ উদ্ধাৰৰ বাবে আপ্ৰাণ চেষ্টা কৰিব লাগিব’’ ।