অসম

assam

প্ৰতিমা বৰুৱা পাণ্ডে বঁটা গ্ৰহণ কৰি তেওঁৰ সৈতে অনুষ্ঠান কৰিবলৈ যোৱাৰ কথা স্মৰণ খগেন গগৈৰ

By

Published : Dec 27, 2021, 7:58 PM IST

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ১৯ তম মৃত্যু বাৰ্ষিকী উদযাপন আছুৰ ( Death anniversary of Pratima Baruah Pandey) ৷ লোককৃষ্টিৰ সাধক খগেন গগৈক পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান ৷

pratima-barua-pandey-memorial-award-to-folk-artist-khagen-gogoi
প্ৰতিমা বৰুৱা পাণ্ডে বঁটা গ্ৰহণ কৰি তেওঁৰ সৈতে অনুষ্ঠান কৰিবলৈ যোৱাৰ কথা স্মৰণ খগেন গগৈৰ

গুৱাহাটী, ২৭ ডিচেম্বৰ :গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ১৯ তম মৃত্যু বাৰ্ষিকী উদযাপন কৰিলে আছুৱে । সদৌ অসম ছাত্ৰ সন্থাই চানমাৰিস্থিত প্ৰতিমা বৰুৱা পাণ্ডে প্ৰতিমূৰ্তিস্থলীত উদযাপন কৰে শিল্পী গৰাকীৰ মৃত্যু বাৰ্ষিকী । এই অনুষ্ঠানত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা(Padmashri Pratima Baruah Pandey award) লোককৃষ্টিৰ সাধক খগেন গগৈক প্ৰদান কৰা হয় । এই বঁটাত আছে ফুলাম গামোচা, চেলেং চাদৰ, অংগবস্ত্ৰ, মান পত্ৰ আৰু নগদ ২৫ হাজাৰ টকা ।

লোককৃষ্টিৰ সাধক খগেন গগৈ( Folk artist Khagen Gogoi )য়ে এই বঁটা গ্ৰহণ কৰি প্ৰতিমা বৰুৱা পাণ্ডেলৈ শ্ৰদ্ধাজ্ঞলি জনায় ৷ এইবৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা তেওঁক দিয়াৰ বাবে ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলক ধন্যবাদ জনায় তেওঁ । তেওঁ প্ৰতিমা বৰুৱা পাণ্ডেৰ লগত অনুষ্ঠান কৰিবলৈ যোৱাৰ কথাও স্মৰণ কৰে ।

প্ৰতিমা বৰুৱা পাণ্ডে বঁটা গ্ৰহণ কৰি তেওঁৰ সৈতে অনুষ্ঠান কৰিবলৈ যোৱাৰ কথা স্মৰণ খগেন গগৈৰ

অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য(AASU chief advisor Samujjal Bhattchajya)ই কয় যে, প্ৰতিমা বৰুৱা পাণ্ডেৰ ঘৰটো সংৰক্ষণ কৰিব লাগে । ঘৰটো এনেদৰে সংৰক্ষণ কৰিব লাগে যাতে ঘৰটোলৈ গৈ গোৱালপৰীয়া লোক সংস্কৃতি উপলব্ধি কৰিব পাৰে । বিদ্যালয়, মহাবিদ্যালয় বিশ্ববিদ্যালয় সমূত গোৱালপৰীয়া লোক গীতৰ চৰ্চা হ’ব লাগে আৰু প্ৰতিমা পাণ্ডেৰ গৃহ চহৰত প্ৰতিমা বৰুৱা পাণ্ডেৰ নামেৰে লোকসংস্কৃতিৰ গৱেষণা কেন্দ্ৰ স্থাপন কৰিবলৈ দাবী জনায় ।

আনহাতে অনুষ্ঠানত সভাপতি দীপাংক নাথে প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱনৰ ওপৰত আলোকপাত কৰে । উল্লেখ্য যে, ২০০৭ চনৰে পৰা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰদান কৰি অহা হৈছে এই বঁটা । ২০০৭ চনৰ পৰা ২০২০ চনলৈ এই বঁটা প্ৰাপক লোককৃষ্টিৰ সাধকসকল হৈছে ক্ৰমে- বিমল মালী, সীতানাথ ৰায়, তুলসী নেওগ ওজা, ফুলকুমাৰী কলিতা, শুক্ৰাচাৰ্য ৰাভা, ড° অনিল শইকীয়া, মুহিবুৰ ৰহমান, জয়াচৰন বাথাৰী, দীপক কুমাৰ পাম, স্নেহলতা দাস, চন্দ্ৰ ছিং ক্ৰ’, শম্ভু ৰাভা, বিনোদ সনাল আৰু পবিত্ৰ ৰাভা ।

লগতে পঢ়ক :Attack on AASU workers: ডিব্ৰুগড়ত আছু কৰ্মীৰ ওপৰত আক্ৰমণ সন্দৰ্ভত কি ক’লে অখিল গগৈয়ে ?

ABOUT THE AUTHOR

...view details