অসম

assam

ETV Bharat / state

প্ৰতিবন্ধীসকলৰ ৫১১টা পদক লৈ চৰকাৰে বৈষম্য কৰাৰ অভিযোগ - গুৱাহাটী বিশ্ববিদ্যালয়

প্ৰতিবন্ধীসকলৰ বাবে নিৰ্ধাৰিত ৫১১টা পদৰ বাবে অহা ১৫ ফেব্ৰুৱাৰীত সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব । কিন্তু এতিয়ালৈকে প্ৰৱেশ পত্ৰ লাভ কৰা নাই আবেদনকাৰীসকলে । সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ দায়িত্বত থকা গুৱাহাটী বিশ্ববিদ্যালয় আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ । শনিবাৰে সংবাদমেল সম্বোধন কৰি প্ৰৱেশ পত্ৰ প্ৰদানৰ বাবে ২৪ ঘণ্টাৰ সময়সীমা নিৰ্ধাৰণ কৰি দিলে সংস্থাটোৱে ।

প্ৰতিবন্ধীসকলৰ ৫১১টা পদক লৈ চৰকাৰে বৈষম্য কৰাৰ অভিযোগ
প্ৰতিবন্ধীসকলৰ ৫১১টা পদক লৈ চৰকাৰে বৈষম্য কৰাৰ অভিযোগ

By

Published : Feb 13, 2021, 9:06 PM IST

গুৱাহাটী, ১৩ ফেব্ৰুৱাৰী: বিশেষভাৱে সক্ষম লোকসকলক নিযুক্তি দিয়া আৰু সুবিধা আগবঢ়োৱাক লৈ ৰাজ্য চৰকাৰৰ কাৰ্যত মুঠেও সন্তুষ্ট নহয় প্ৰতিবন্ধী সুৰক্ষা সংস্থা । শনিবাৰে দিছপুৰ প্ৰেছক্লাবত এক সংবাদমেল সম্বোধন কৰি প্ৰতিবন্ধী সুৰক্ষা সংস্থাই চৰকাৰৰ কেতবোৰ কামৰ বিৰুদ্ধে ক্ষোভ উজাৰে । তেওঁলোকে অভিযোগ উত্থাপন কৰা মতে, প্ৰতিবন্ধীসকলৰ বাবে নিৰ্ধাৰিত ৫১১ টা চতুৰ্থ বৰ্গৰ পদ পূৰণত চৰকাৰে বিধি-পথালি দিছে ৷ প্ৰতিবন্ধীসকলৰ ৫১১ টা চতুৰ্থ বৰ্গৰ পদ পূৰণত চৰকাৰে দিছে বিধি পথালি ৷

প্ৰতিবন্ধীসকলৰ ৫১১টা পদক লৈ চৰকাৰে বৈষম্য কৰাৰ অভিযোগ

এই ক্ষেত্ৰত চৰকাৰে বৈষম্য কৰা বুলিও অভিযোগ তোলে সংস্থাটোৱে ৷ প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে কয় যে, এই খালী পদসমূহ পূৰণ কৰাৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ক দায়িত্ব অৰ্পণ কৰা হৈছিল ৷ কিন্তু আশ্বৰ্যজনকভাৱে, অহা ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া সাক্ষাৎকাৰৰ বাবে শনিবাৰ পৰ্যন্ত প্ৰৱেশ পত্ৰ আপলোড কৰা নাই সংশ্লিষ্ট ৱেবছাইটত ৷

সমাজ কল্যাণ বিভাগে এই সাক্ষাৎকাৰ অনুষ্ঠিত কৰাত অনিহা প্ৰকাশ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে সংস্থাটোৱে ৷ ২৪ ঘন্টাৰ ভিতৰত প্ৰৱেশ পত্ৰ ৱেবছাইটত উপলব্ধ কৰাবলৈ সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে । অন্যথা গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম চৰকাৰক শান্তিত থাকিবলৈ নিদিয়ে বুলি হুংকাৰ দিয়ে সংস্থাটোৱে ৷

আনহাতে, বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লেখানুদানত প্ৰতিবন্ধীসকলক ২ কোটি ৬০ লাখ টকা অনুদান দিয়া হৈছে বুলি উল্লেখ কৰা কাৰ্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই ৷ প্ৰতিবন্ধীসকলে সমাজ কল্যাণ বিভাগে দিয়া অনুদানৰ বাহিৰে অন্য কোনো অনুদান পোৱা নাই বুলি স্পষ্ট কৰি দিয়ে সংস্থাটোৰ সম্পাদকগৰাকীয়ে ৷

লগতে পঢ়ক:সহপাঠীৰ চুৰিৰ আঘাতত আহত ছাত্ৰ

ABOUT THE AUTHOR

...view details