অসম

assam

ETV Bharat / state

Maharani festival at Ganeshguri: গণেশগুৰিত মহাৰাণী উৎসৱ উদযাপন প্ৰস্তুতি পৰাশৰ ফেন ক্লাৱৰ - Abahan Theatre in Ganeshguri

ব্যয়বহুল প্ৰস্তুতিৰে প্ৰস্তুতি পৰাশৰৰ নেতৃত্বত গণেশগুৰিলৈ আহিছে আৱাহন থিয়েটাৰ । তিনিখনকৈ মঞ্চ সফল নাটকেৰে দৰ্শকক আমোদ দিবলৈ ইতিমধ্যে সক্ষম হোৱা আৱাহন থিয়েটাৰে গণেশগুৰিতো যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰে প্ৰস্তুতি পৰাশৰে । ১৩ অক্টোবৰৰ পৰা ১৬ অক্টোবৰলৈ গণেশগুৰিত নাট মঞ্চস্থ কৰিব আৱাহন থিয়েটাৰে ।

Prastuti Parashar fan club celebrated Maharani festival at Ganeshguri
গণেশগুৰিত মহাৰাণী উৎসৱ উদযাপন প্ৰস্তুতি পৰাশৰ ফেন ক্লাৱৰ

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 6:57 PM IST

গণেশগুৰিত মহাৰাণী উৎসৱ উদযাপন প্ৰস্তুতি পৰাশৰ ফেন ক্লাৱৰ

গুৱাহাটী,১২ অক্টোবৰ:১৩ অক্টোবৰৰ পৰা ১৬ অক্টোবৰলৈ গণেশগুৰিলৈ আহি আছে আৱাহন গোষ্ঠী । তিনিখনকৈ ব্যতিক্ৰমী নাট্যসম্ভাৰেৰে মঞ্চ কঁপাবলৈ সাজু হৈছে টীম প্ৰস্তুতি পৰাশৰ । সম্পূৰ্ণ চাৰিটা দিনৰ কাৰ্যসূচীত দৰ্শকে উপভোগ কৰিবলৈ পাব ইখনৰ পিছত সিখনকৈ নাটকৰ চমকপ্ৰদ প্ৰদৰ্শন । ইতিমধ্যেই কৌতুহলৰ তুংগত থকা অভিজিত ভট্টাচাৰ্য্যৰ 'অৰ্ধাঙ্গিনী' নিবেদন কৰা হ'ব ১৩ অক্টোবৰ তাৰিখে, তিনিটি দৰ্শনীৰে ।

পৰৱৰ্তী ১৪, ১৫ আৰু ১৬ অক্টোবৰ তাৰিখে মঞ্চস্থ কৰা হ'ব আন দুখনি মঞ্চ সফল নাট 'মোৰ তেজ মোৰ মৰম' আৰু 'সতী বেউলা'। গণেশগুৰিত আৱাহন থিয়েটাৰৰ নাটকৰ পূৰ্বে বৃহস্পতিবাৰে মহানগৰীৰ গণেশগুৰি বি কে টাৱাৰৰ সমীপত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ ফেন ক্লাৱে অনুষ্ঠিত কৰে বিশেষ অনুষ্ঠানৰ । প্ৰস্তুতি পৰাশৰৰ ফেন ক্লাৱৰ উদ্যোগত আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ অনুৰাগী মঞ্চৰ সহযোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হয় মহাৰাণী উৎসৱ ।

জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক অভিবাদন জনাই উদযাপন কৰা হয় কেইবাটিও কাৰ্যসূচী । মহাৰাণী উৎসৱৰ সন্দৰ্ভত মন্তব্য কৰি অভিনেত্ৰী গৰাকীয়ে কয় যে এয়া এক ভাষাৰে বুজাব নোৱাৰা অনুভৱ । প্ৰতিগৰাকীয়ে শিল্পীয়ে বিচাৰে তেওঁক এনেদৰে আশীৰ্বাদ কৰি থাকক । এয়া অসমবাসী ৰাইজৰ আশীৰ্বাদৰ বাবে হৈছে । এই মৰম-চেনেহখিনি অব্যাহত থাকক । এই মৰমখিনিৰ কাৰণে, হেঁপাহখিনিৰ কাৰণে আৰু কষ্ট কৰিবলৈ মন যায় বুলি উল্লেখ কৰে যশস্বী অভিনেত্ৰীগৰাকীয়ে ।

লগতে সংবাদ মাধ্যম আৰু শুভাকাংক্ষীসকলক ধন্যবাদ জ্ঞাপন কৰে অভিনেত্ৰীগৰকীয়ে । আনহাতে এইবৰ্ষৰ নাটক কেইখনৰ সন্দৰ্ভত মন্তব্য কৰি অভিনেত্ৰী গৰাকীয়ে কয় যে এই বৰ্ষৰ গোটেই কেইখন নাটকেই দৰ্শকে আঁকোৱালি লৈছে । তিনিখন নাটকতে ভিন্ন ৰসত তিনিটা চৰিত্ৰ ৰূপায়ণ কৰা হৈছে । 'অৰ্ধাংগিনী' নাটকখনত প্ৰায়ে সমাজত ঘটি থকা মাতৃ-পিতৃক সন্তানে কৰা অৱহেলা কৰা যি ঘটনা সেইবোৰক কাহিনী হিচাপে প্ৰতিফলন ঘটোৱা হৈছে ।

উক্ত নাটখনিত খনত মাতৃৰ চৰিত্ৰটো ৰূপায়ণ কৰি তেওঁ খুৱ সুখী বুলি উল্লেখ কৰে । আৱাহন থিয়েটাৰৰ চলিত নাট্যবৰ্ষ অভিনয় শিল্পীসকল হ'ল প্রস্তুতি পৰাশৰ, সঞ্জীৱ শৰ্মা, জেফ্ৰী বক্সী, অৰুণ বৰা, মঞ্জিল বৰুৱা, প্রমোদ চুতীয়া, লাটুমণি ভূঞা, বিজুমণি চেতিয়া, মুশালদ্বীপ গোস্বামী, নৱ দত্ত, ৰিতুৰাজ মহন্ত, অঞ্জলি হাটী বৰুৱাৰ লগতে নবাগতা চয়নিকা বৰা ।

লগতে পঢ়ক:New Assamese film Raghav: অসমীয়া ছবি যেতিয়া অসমবাসীয়ে চাবই: যতীন বৰা

ABOUT THE AUTHOR

...view details